Football : আজিৰ খবৰ’ৰ  প্ৰীতি ফুটবল টুৰ্ণামেণ্টৰ চেম্পিয়ন মৰ্নিং ক্লাব ‘খ’ 

পেনাল্টি শ্বুটআউটত মৰ্নিং ক্লাব 'ক' ২-১ গ'লত পৰাস্ত

WhatsApp Image 2021 09 26 at 1.19.43 PM

পৰ্টেল চেনেল ‘আজিৰ খবৰ’ৰ উদ্যোগত পাথৰকুৱেৰীৰ মঠঘৰীয়া প্ৰাথমিক বিদ্যালয় খেলপথাৰত আজি অনুষ্ঠিত হোৱা প্ৰথমখন প্ৰীতি ফুটবল টুৰ্ণামেণ্টত মৰ্নিং ক্লাব ‘খ’ দলটোৱে চেম্পিয়ন খিতাপ অর্জন কৰে।

উত্তেজনাপূৰ্ণ মেচখনত মৰ্নিং ক্লাব ‘খ’ দলটোৱে প্ৰতিদ্বন্দী মৰ্নিং ক্লাব ‘ক’ক পেনাল্টি শ্বুটআউটত ২-১ গ’লত পৰাস্ত কৰি  টুৰ্ণামেণ্টৰ খিতাপ দখল কৰে। বিশিষ্ট ক্ৰীড়া সংবাদিক প্ৰণয় বৰদলৈয়ে শুভাৰম্ভ কৰা তথা অইল ইণ্ডিয়া লিমিটেডৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গোপাল চন্দ্ৰ কলিতা, পাথৰকোৱাৰী কল্যাণ সমিতিৰ সদস্য সতীশ বৈশ্য, যুৱ সাংবাদিক ৰন্টু নেওগ, চুতীয়া ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক উৎপল হাজৰিকা, এজাইল হাস্পাতালৰ চিকিৎসক অভিজিত দেৱ  অতিথিৰূপে উপস্থিত থকা টুৰ্ণামেণ্টখনত

দুয়োটা দলে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে। প্ৰথম অৰ্ধৰ ৩০ মিনিট দুয়োটা দলে গ’ল কৰাৰ বাবে অপ্ৰাণ চেষ্টা চলাইছিল যদিও সফল নহয়। তাৰ পিছত দ্বিতীয় অৰ্ধতো খেলখন অমীমাংসিত হৈ ৰয়। ইয়াৰ পিছত দুয়োটা দলক অতিৰিক্ত ১৫ মিনিট দিয়া হৈছিল কিন্তু এই অতিৰিক্ত সময়তো দুয়োটা দলে গ’ল কৰাত বিফল হয়।

যাৰ বাবে দুয়োটা দলৰ মাজত পেনাল্টি শ্বুটআউটত হয় আৰু পেনাল্টি শ্বুটআউটত মৰ্নিং ক্লাব ‘খ’ দলটোৱে ২-১ গ’লত জয় লাভ কৰে। মৰ্নিং ক্লাব ‘খ’ দলটোক অনুষ্ঠানিকভাৱে ট্ৰফী প্ৰদান কৰে অসম কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ উপদেষ্টা প্ৰদীপ কলিতাই। উল্লেখ্য যে আজিৰ টুৰ্ণামেণ্টখনৰ মুকলি অনুষ্ঠানত অৰূপ দাসে গীত পৰিবেশন কৰাৰ উপৰি নিশিতা দাসে আধুনিক নৃত্য পৰিবেশন কৰে। লগতে লিজা তহবিলদাৰ পূৰ্ণাক্ষী তালুকদাৰ, গংগা চেত্ৰীয়ে আধুনিক গীত আৰু বিপুল ভট্টাচাৰ্যই ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে।

Exit mobile version