Narendra Modi : ৬৫ ঘণ্টাৰ আমেৰিকা ভ্ৰমণত মুঠ ২০টা বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ

1 1200 83

৬৫ ঘণ্টাৰ আমেৰিকা ভ্ৰমণত মুঠ ২০টা বৈঠকত মিলিত হয় প্রধানমন্ত্রী নৰেন্দ্র মোদী । দেওবাৰে কেন্দ্রীয় চৰকাৰ সূত্রে এই কথা জনোৱা হৈছে । কেৱল সেয়াই নহয়, বিমানত বহিও তেওঁ চাৰটা বৈঠক কৰে । যোৱা আৰু অহাৰ পথত এই বৈঠকবোৰত ব্যস্ত আছিল প্রধানমন্ত্রী ।

বুধবাৰে আমেৰিকালৈ গৈ থাকোতে বিমানত দুটা বৈঠক কৰে আৰু হোটেলত উপস্থিত হৈ তিনিটা বৈঠক কৰে । ছেপ্টেম্বৰৰ ২৩ তাৰিখে তেওঁ মুঠ পাঁচজন চিইঅ’-ৰ স’তে পৃথক পৃথককৈ বৈঠক কৰে । তাৰ পাছত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ স’তে বৈঠকত মিলিত হয় । জাপান আৰু অষ্ট্ৰেলিয়াৰ প্রতিনিধিসকলৰ স’তেও তেওঁ বৈঠকত মিলিত হয় । ইয়াৰ উপৰি তিনটা অভ্যান্তৰীণ বৈঠকতো অনুষ্ঠিত কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।

ছেপ্টেম্বৰৰ ২৪ তাৰিখে তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনেৰ স’তে বৈঠক কৰে । চতুর্দেশীয় অক্ষৰ বৈঠকতো অংশ লয় । সেই দিনাখনো চাৰিটি অভ্যন্তৰীণ বৈঠকত মিলিত হয় ।

Exit mobile version