Porn in Space : মহাকাশত এইবাৰ পৰ্ণ ছবিৰ শ্বুটিঙ !অভিনেত্ৰী যাব এলন মাস্কৰ ৰকেটত

1632559781 space

বিপুল দৰ্শকক আকৰ্ষিত কৰিবলৈ আৰু অত্যাধিক ভিউ পাবৰ বাবে পৰ্ণ ইণ্ডাষ্ট্ৰীয়ে নতুনত্ব আনিবলৈ চেষ্টা কৰে । কিন্তু এইবাৰ এক পৰ্ণ সংস্থাই যি কাম কৰিছে সেয়া শুনি আপুনিও আচৰিত হ’ব ।

কোনো সাধাৰণ শ্বুটিঙৰ ছেট নহয়,এইবাৰ পৰ্ণ শ্বুটিং কৰিবলৈ যাব মহাকাশ ! তথ্য অনুসৰি ইয়াৰ বাবে এলন মাস্কৰ স্পেছ এক্স ৰকেটৰ সাহায্য ল’ব সংস্থাটোৱে ।

সংস্থাৰ দাবী, পৰ্ণ ছবিক নতুন উচ্চতাত নিব’লৈ এই পদক্ষেপ গ্ৰহণ কৰিছে সংস্থাই আৰু সেয়ে শ্বুটিঙৰ বাবে মহাকাশ যাব তেওঁলোক । লেক্সি লুনা নামৰ এগৰাকী অভিনেত্ৰীক এই ‘মিছন’ৰ বাবে ইতিমধ্যে বাছনি কৰা হৈছে ।

লেক্সিৰ বাবে ইতিমধ্যে তেওঁলোকে টিকেটৰ বুকিঙৰ বাবে জো-যা আৰম্ভ কৰিছে । পৰ্ণ অভিনেত্ৰীৰ লগতে এই সংস্থাৰ এম্বেছেদৰো হয় লেক্সি । সংস্থাই জনাইছে, মহাকাশত যোৱাৰ বহু দিনৰ ইচ্ছা আছিল লেক্সিৰ ।

তেওঁ এই সুযোগ পায় অতি আনন্দিত হৈছে । সংস্থাৰ চিইঅ’ ৰব কেমিনোফিয়ে সংবাদমাধ্যম ‘ডেলি ষ্টাৰ’ক কয়, “সাধাৰণ মানুহৰ বাবে মহাকাশ যোৱাৰ বিকল্প ৰাস্তা তৈয়াৰ হৈছে, মইও বিচাৰো মহাকাশ যাব । সেয়ে আমি লেক্সি লুনাক তাত পঠিওৱাৰ সিদ্ধান্ত লৈছো ।”

Exit mobile version