Taliban : নিজস্বী তোলা বন্ধ কৰক ! তালিবানৰ শিশুসুলভ কাণ্ড-কাৰখানা দেখি বাৰ্তা ক্ষুব্ধ নেতৃত্বৰ

taliban selfies

যোৱা ১৫ আগষ্টত কাবুল দখল হোৱাৰ পাছৰ পৰাই ৰাজধানী চহৰত দাপত বঢ়াইছে তালিবান যোদ্ধাসকলে । তেওঁলোকক কেতিয়াবা চহৰৰ জিমত সোমাই কচৰৎ কৰা দেখা যায় আকৌ কেতিয়াবা শিশু উদ্যানত খেলি থকা দেখা পোৱা গৈছে । কেতিয়াবা জ্যেষ্ঠ তালিবান নেতাসকলৰ স’তে সাক্ষাৎ কৰিলে ছেলফি তুলাও দেখা যায় তালিবান যোদ্ধাসকলক । তেওঁলোকৰ এই ধৰণৰ ‘শিশুসুলভ’ আচৰণ প্রকাশ্যত অহাত ক্ষুব্ধ তালিবান নেতৃত্ব । এইবাৰ এই তৃণমূল স্তৰৰ যোদ্ধসকলক উদ্দেশ্যি নেতৃত্বৰ স্পষ্ট নির্দেশ, ‘‘ভদ্রসভ্য হ‌ওক । ইছলাম ৰীতি-নীতি মানি নিজৰ আচৰণত পৰিৱর্তন আনক । আৰু য’তে ত’তে ছেলফি তোলা বন্ধ কৰক । ইয়াৰ ফলত বিপদ বাঢ়িছে ।’’

তালিবান যোদ্ধাসকলৰ অধিকাংশই আফগানিস্তানৰ প্রত্যন্ত অঞ্চলৰ বাসিন্দা । হয়তো বহুতে এয়ে প্রথমবাৰ কাবুলত ভৰি ৰাখিছে । চহৰীয়া জীৱনযাপন হয়তো এয়ে প্রথম স্বচক্ষুৰে দেখিছে তেওঁলোকে ।

আফগানিস্তানৰ স্থানীয় সংবাদমাধ্যমে প্রকাশ কৰা ছবি আৰু ভিডিঅ’ত দেখা গৈছে, কেতিয়াবা চিৰিয়াখানাত, কেতিয়াবা হ্রদৰ পাৰত মতলীয়া তালিবান যোদ্ধাসকল । কোনোৱে দাড়ি কাটি পেলাইছে, কোনোৱে ছানগ্লাছ পিন্ধিছে ।

এইবোৰ দেখিয়ে সম্প্রতি নতুন তালিবান চৰকাৰৰ প্রতিৰক্ষা মন্ত্রী তথা তালিবান সংগঠনৰ প্রতিষ্ঠাপক মোল্লা ওমৰৰ পুত্ৰ মহম্মদ ইয়াকুবে তালিবান যোদ্ধাসকলক উদ্দেশ্যি এটা অডিঅ’ বার্তা প্রকাশ কৰিছে । ভিডিঅ’টোত তেওঁ কয়, ‘‘বহু ছহিদৰ তেজ বোৱাৰ পাছত আজি এই সাম্রাজ্যৰ প্ৰতিষ্ঠা হৈছে । আপোনালোকে তালিবানৰ নাম বেয়া নকৰিব । যি কাম দিয়া হৈছে, কেৱল সেইটোৱে কৰক ।’’

নিজস্বী তোলা প্রসংগতো তেওঁ কয়, ‘‘প্রথম শাৰীৰ নেতাসকলৰ স’তে নিজস্বী তুলি সামাজিক মাধ্যমত দিয়াত বিপদ বাঢ়িছে । সেই নেতাজনে কেতিয়া ক’ত যায়, কি কৰে — সকলো প্রকাশ্যত আহি যায় । ফলত নেতাজনৰ প্রাণসংশয়ো হ’ব পাৰে । গতিকে, এইবোৰৰ পৰা বিৰত থাকক ।’’

Exit mobile version