UPSC : দেশৰ কনিষ্ঠতম আইএএছ ! স্নাতক পৰীক্ষাৰ ছদিন পাছতেই ইউপিএছচি-ত অৱতীৰ্ণ হয় জম্মুৰ সুচিতেৰে

suchitersharmayoungestiasofficersofindia 1632575207

স্নাতক পৰীক্ষা শেষ হোৱাৰ ছদিন পাছতেই ইউপিএছচি পৰীক্ষাত অৱতীৰ্ণ হৈছিল । সেই যুৱকজনেই এতিয়া দেশৰ ‘কনিষ্ঠতম’ আইএএছ । অৱশ্যে চৰকাৰীভাৱে তেওঁক কনিষ্ঠতম আইএএছ বুলি ঘোষণা কৰা নাই ।

সুচিতেৰ শর্মাই ইউপিএছচি-ত ১৪৬তম স্থান দখল কৰিছে । জম্মুৰ ভাৰত-পাকিস্তান সীমান্তৱৰ্তী গাঁও চালেহৰৰ বাসিন্দা সুচিতেৰে প্রথম সুযোগতেই ইউপিএছচি-ত উত্তীৰ্ণ হয় । পিতৃ মদনলাল শর্মা আৰু মাতৃ ৰিতু মংগোত্রা দুয়োজনেই শিক্ষক । জম্মুৰ ৰত্নচকৰ সেনা-স্কুলৰ পৰা ৮৪ শতাংশ লাভ কৰি উত্তীৰ্ণ হোৱা সুচিতেৰে জনায়, দ্বাদশ শ্রেণীৰ পৰাই ইউপিএছচি-ৰ প্রস্তুতি আৰম্ভ কৰিছিলো । এই ক্ষেত্রত তেওঁৰ অনুপ্রেৰণা আছিল তুতো দিদি প্রয়াসী শর্মা । উল্লেখ্য যে, প্রয়াসী ২০১৪ বেচৰ আইপিএছ । ফলত ভগ্নীৰ অভিজ্ঞতা আৰু পৰামর্শক কামত লগাব পাৰিছে বুলি জনায় সুচিতেৰে ।

তেওঁ কয়, “দ্বাদশ শ্রেণীত পঢ়ি থকাৰ সময়তেই ইউপিএছচি পৰীক্ষাৰ প্রস্তুতি আৰম্ভ কৰিছিলো । দিদিয়ে (প্রয়াসী শর্মা) এই বিষয়ত বহুত সহায় কৰিছিল । ফলত প্রস্তুতি কৰিবলৈ আৰু সুবিধা হৈছিল ।” তদুপৰি, তেওঁ জম্মুৰ গান্ধীনগৰৰ পৰা কিছুদিন আইএএছৰ প্রশিক্ষণো লৈছিল । ইয়াৰ পাছত বাকীখিনি সময় নিজেই প্রস্তুতি কৰে ।

২০২০-ৰ ২৮ ছেপ্টেম্বৰত স্নাতক স্তৰৰ শেষ পৰীক্ষা দিয়ে সুচিতেৰে । তাৰ ছদিন পাছতেই অর্থাৎ চাৰি অক্টোবৰত ইউপিএছচি-ৰ প্রাথমিক (প্রিলিমিনাৰী) পৰীক্ষাত অৱতীৰ্ণ হয় । প্ৰাথমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাল পাছত মেইন পৰীক্ষাত অৱতীৰ্ণ হয় । তাতেও সফল হয় । স্নাতক স্তৰতো ৮৬ শতাংশ লাভ কৰি উত্তীৰ্ণ হয় সুচিতেৰ ।

Exit mobile version