চীনৰ কাৰাগাৰত বন্দী হৈ আছে এশৰো অধিক কানাডাৰ নাগৰিক

দুই কানাডাৰ নাগৰিক মাইকেল ক’ভৰিংগ আৰু মাইকেল স্পাবৰ মুক্তিৰ পাছতো চীনৰ কাৰাগাৰত বৰ্তমানে বিভিন্ন অভিযোগত বন্দী হৈ আছে এশৰো অধিক কানাডাৰ নাগৰিক । তিনি বছৰ পূৰ্বে চীনত গ্ৰেপ্তাৰ হোৱা কানাডাৰ নাগৰিক ক’ভৰিংগ আৰু স্পাবৰক অৱশেষত চীনৰ আদালতে যোৱা শুকুৰবাৰে কাৰাগাৰৰ পৰা মুক্তি দিছিল ।

‘নেচনেল প’ষ্ট’ৰ বাতৰি অনুসৰি বৰ্তমানে চীনৰ বিভিন্ন কাৰাগাৰত ১১৯জন কানাডাৰ নাগৰিক নানা অভিযোগত বন্দী হৈ আছে । ইয়াৰে একাংশক কথিত ৰাজনৈতিক আৰু আন একাংশক ধৰ্মীয় অপৰাধৰ অভিযোগত চীনে কাৰাগাৰলৈ নিক্ষেপ কৰিছিল । তদুপৰি, আন একাংশক নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ অভিযোগত কাৰাবন্দী কৰা হৈছিল ।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডুৱে প্ৰকাশ কৰা অনুসৰি, চীনৰ কাৰাগাৰত বন্দী হৈ থকা দেশখনৰ এইসকল নাগৰিকক মুক্ত কৰি স্বদেশলৈ প্ৰত্যাৱৰ্তনৰ প্ৰচেষ্টা অব্যাহত ৰখা হৈছে ।

Exit mobile version