ছবি আৰু ভিডিঅ’ প্ৰেৰণত চমক ! হোৱাটছ‌এপত উপলব্ধ হ’ব নতুন ফিচাৰ

613984 whatsapp va cesser de fonctionner sur certains smartphones en 2021 les appareils

ফেচবুকৰ মালিকানাধীন সংস্থা হোৱাটছ‌এপৰ জনপ্রিয়তাৰ অন্যতম কাৰণ নিত্যনতুন ফিচাৰৰ আমদানি । আইঅ’এছ আৰু এণ্ড্ৰ‌ইড ইউজাৰসকলৰ বাবে নানান ধৰণৰ ফিচাৰ লৈ আহি এপটো সকলোৰে বাবে আকর্ষণীয় কৰি তোলাই লক্ষ্য সংস্থাৰ । এইবাৰ দিয়া হৈছে আন এটা নতুন ফিচাৰ । সম্প্ৰতি পৰীক্ষণ পৰ্যায়ত আছে যদিও, শীঘ্ৰে উপলব্ধ হ’ব ইউজাৰসকলৰ বাবে ।

কি আছে নতুন ফিচাৰত ? ‘ৱেবিটাইনফো’ নামে এটা ৱেবছাইটৰ এক প্রতিবেদনৰ পৰা জানিব পৰা গৈছে, এই ফিচাৰৰ সহায়ত হাই ৰিজোলিউছনৰ ছবি আৰু ভিডিঅ’ পঠোৱা সম্ভৱ হ’ব । হোৱাটছ‌এপে যিকোনো ছবি বা ভিডিঅ’ দ্রুতগতিত পঠাবলৈ সুবিধা কৰিবৰ বাবে কমপ্রেছ কৰি দিয়ে । দ্রুতগতিত সেই ফাইল পঠোৱা সম্ভৱ হ’লেও ছবি বা ভিডিঅ’ৰ কোৱালিটী বেয়া হৈ যায় । যিটো বহু ইউজাৰে পছন্দ নকৰে । নতুন ফিচাৰৰ সহায়ত সেই আক্ষেপ পূৰণ কৰা সম্ভৱ হ’ব ।

এতিয়াৰে পৰা ছবি বা ভিডিঅ’ পঠোৱাৰ সময়ত ইউজাৰসকলে বাছি ল’ব পাৰিব ‘বেষ্ট কোৱালিটী’ আৰু ‘ডেটা ছেভাৰ’ মোডৰ ভিতৰত তেওঁৰ যিটো পছন্দ । ফলত যিসকলৰ ডেটা বচোৱাই মূল লক্ষ্য, তেওঁলোকে কমপ্রেছ কৰি ফাইল পঠাব পাৰিব আৰু যিসকলৰ ভাল ৰিজলিউছনৰ প্রয়োজন, তেওঁলোকে তেনেদৰেই পঠাব পাৰিব । এই ৱেবছাইটৰ দাবী, এণ্ড্ৰ‌ইড আৰু আইঅ’এছ, দুই ধৰণৰ ইউজাৰৰ বাবে শীঘ্ৰে ফিচাৰটো উপলব্ধ কৰা হ’ব ।

ইয়াৰ আগতে শুনিব পোৱা গৈছিল যে, কোনো ছবি পঠোৱাৰ সময়ত সেইটোক ষ্টিকাৰ আকাৰতো পঠাব পৰা যাব । ইয়াৰ উপৰি, হোৱাকছ‌এপত এইবাৰ উপলব্ধ হ’ব ‘বিজনেছ ডাইৰেক্টৰী’। যাৰ ফলত ওচৰ-পাজৰৰ সকলো ব্যৱসায়িক প্রতিষ্ঠানৰ খবৰ লাভ কৰিব ইউজাৰসকলে । এনেদৰেই শীঘ্ৰে নতুন নতুন ফিচাৰ উপলব্ধ কৰিব ফেচবুকৰ মালিকানাধীন সংস্থাই ।

Exit mobile version