Shehnaaz Gill: প্ৰকাশিত শ্বেহনাজৰ নতুন ছবিৰ ট্ৰেইলাৰ

shehnaaz gill 1632575693

যোৱা শনিবাৰে মুক্তি পালে শ্বেহনাজ গিল আৰু দিলজিৎ দ’ছানঝৰ পাঞ্জাৱী ছবি ‘হছলা ৰাখ’ৰ প’ষ্টাৰ ।সোমাবাৰে মুক্তি পালে ছবিখনৰ ট্ৰেইলাৰ।

এই ছবিখনত দিলজিৎ এজন প্ৰবাসী পাঞ্জাৱী। শ্বেহনাজ তেওঁৰ পত্নী ।ছবিখনৰ ট্ৰেলাৰত দেখুৱা হৈছে শ্বেহনাজ অজ্ঞাতভাৱে গৰ্ভৱতী হয় আৰু তেওঁলোকে সন্তানজন্মৰ আগতে বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰে।

শ্বেহনাজে দাবী কৰে,সন্তান আহিলেই তেওঁৰ দায়িত্ব ল’ব লাগিব দিলজিতে।সেই কথামতেই দিলজিতে নৱজাতকৰ চোৱাচিতা কৰিবলৈ আৰম্ভ কৰিলে।

সময় যোৱাৰ লগে লগে দিলজিৎ আন এগৰাকী মহিলাৰ প্ৰেমত পৰিল আৰু তেতিয়াই শ্বেহনাজ পুনৰ দিলজিতৰ জীৱনলৈ ঘূৰি আহে। চলচ্চিত্ৰখনত পৰৱৰ্তী সময়ত কি হ’ব তাৰ কাহিনী ক’ব।

দুই মিনিট ৫৬ ছেকেণ্ডৰ ট্ৰেইলাৰত কোৱা হৈছে যে ‘হাছলা ৰাখ’ প্ৰকৃততে কৌতুক ধাৰাৰ এখন চলচ্চিত্ৰ।

বন্ধু সিদ্ধাৰ্থৰ মৃত্যুৰ পাছত এইটো প্ৰথম শ্বেহনাজৰ কোনো কাম প্ৰকাশ পাইছে। কিন্তু সিদ্ধাৰ্থৰ মৃত্যুৰ পাছৰে পৰা শ্বেহনাজ সম্পূৰ্ণৰূপে নীৰৱ হৈ আছে। তেওঁৰ কোনো নতুন কামৰ বিষয়ে নিজৰ ফেচবুক বা ইনষ্টাগ্ৰামত প’ষ্ট কৰা নাছিল।

শ্বেহনাজে ১৫ ছেপ্টেম্বৰত চলচ্চিত্ৰখনৰ এটা গানৰ বাবে লণ্ডনলৈ যাত্ৰা কৰাৰ কথা আছিল। কিন্তু সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, কামৰ তাৰিখও পিছুৱাই দিয়া হৈছে।

Exit mobile version