Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Tourism

World Tourism Day : আজি বিশ্ব পর্যটন দিৱস : ৰাজ্যত বহু ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন অৱহেলিত

publisher by publisher
September 27, 2021
in Assam, India, News, Tourism
Reading Time: 1 min read
0
World Tourism Day : আজি বিশ্ব পর্যটন দিৱস : ৰাজ্যত বহু ঐতিহ্যমণ্ডিত কীৰ্তিচিহ্ন অৱহেলিত
8
SHARES
79
VIEWS
ShareShareShareShare

আজি বিশ্ব পর্যটন দিৱস। আন্তর্জাতিক সম্প্রদায় আৰু পর্যটন কেন্দ্রসমূহৰ স’তে সেতুবন্ধন গঢ়ি তােলা আৰু পৰ্যটনৰ ভূমিকা সম্পর্কে জনসচেতনতা বৃদ্ধিৰ লগতে সামাজিক-সাংস্কৃতিক-অর্থনৈতিক উপযােগিতাক বিশ্বব্যাপী প্রচাৰৰ উদ্দেশ্যে ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পর্যটন সংস্থাৰ উদ্যোগত ১৯৮০ পৰাই সকলাে সদস্য দেশে ২৭ ছেপ্টেম্বৰ দিনটোত এই দিৱস উদ্যাপন কৰি আহিছে।

ADVERTISEMENT

পর্যটনৰ উন্নয়ন আৰু প্ৰসাৰৰ জৰিয়তে বহু দেশে ৰাজহ সংগ্রহ তথা অর্থনৈতিক উন্নয়ন ত্বম্বিত কৰি তুলিবলৈ সক্ষম হােৱাৰ সমান্তৰালভাৱে ভাৰতৰাে কেবাখনাে ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ মূল আহিলা পর্যটন ক্ষেত্ৰৰূপে চিহ্নিত হৈছে। তাৰ মাজতে বিশ্বই ৪১ সংখ্যক বিশ্ব পর্যটন দিৱস উদ্যাপন কৰা দিনটোতে প্রাকৃতিক সৌন্দর্যৰে ভৰপূৰ অসমত বর্তমানেও প্রসাৰ আৰু প্ৰচাৰ অভাৱত বহু পর্যটনস্থলী এলাগী হৈ ৰৈছে।

RelatedPosts

Dainik Agradoot Today’s Edition: 8th March 2026

Dainik Agradoot Today’s Edition -3 March

Dainik Agradoot Today’s Edition : 22 Feb

বিশেষকৈ অপূর্ব প্রাকৃতিক শােভাৰ সমান্তৰালভাৱে পৌৰাণিক কীৰ্তিচিহ্ন, জনগােষ্ঠীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ প্ৰাক-ঐতিহাসিক কালৰ পৰাই নিজস্ব গৰিমাৰে মহামণ্ডিত তথা ৰাজ্যৰ ভিতৰতে প্রথম সূৰ্যৰ কিৰণে ধৰাক পােহৰাই তােলা, মহাবাহু ব্ৰহ্মপুত্ৰই বিশাল যাত্ৰা আৰম্ভ কৰা শদিয়াত অলেখ সম্বল থকা সত্ত্বেও স্বাধীনতাৰ ৭৫টা বছৰে পৰ্যটনৰ কেন্দ্র বিন্দুৰূপে গঢ় লৈ নুঠাটোৱে সংশ্লিষ্ট কর্তৃপক্ষক অৱহেলা আৰু ব্যর্থতাৰে ফুটাই তুলিছে।

উল্লেখ্য যে প্রাক্-ঐতিহাসিক কালৰে পৰা ব্রিটিছৰ দিনলৈকে অজস্র সম্পদৰে পৰিপূৰ্ণ শদিয়াৰ সম্বলসমূহে সংৰক্ষণৰ অভাৱত সম্প্রতি ধ্বংসৰ মুখলৈ গতি কৰাৰ সমান্তৰালভাৱে ১৯৫০ৰ বৰভূইকপে বিশ্বখ্যাত শদিয়াত চলােৱা ধ্বংসলীলাৰ পাছতে আজিও উন্নয়নৰ ক্ষেত্ৰত পিছপৰি ৰ’ব লগা হৈছে।

এক অপূর্ব সৌন্দর্যৰ অধিকাৰী, কেবাখনাে নদীৰ সংগমস্থলী, বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত ইংৰাজী ‘এছ’ আকৃতি লৈ ৯.১৫ কিলােমিটাৰ দৈৰ্ঘ্যৰ নৈসর্গিক শােভা সৃষ্টি কৰা ড° ভূপেন হাজৰিকা সেতুৰ লগতে দূৰ-দূৰণিৰ পৰিভ্ৰমী চৰাইবােৰে কাষৰীয়া অৰুণাচললৈ যােৱা পৰ্যটকক মুগ্ধ কৰি তােলে যদিও এই ক্ষেত্ৰত চৰকাৰৰ অৱহেলাৰ বাবে আজিও শদিয়া পর্যটন কেন্দ্র বিন্দুৰূপে চিহ্নিত নহ’ল বুলি ক্ষোভ উজাৰিছে স্থানীয় লােকে।

এই সন্দৰ্ভত শদিয়াৰ শিক্ষাবিদ তথা লেখিকা প্রণতি গগৈয়ে ‘দৈনিক অগ্রদূত’ৰ আগত চৰকাৰৰ অৱহেলা, জনপ্রতিনিধি আৰু ৰাইজ সজাগ নােহােৱা বাবেই অলেখ সম্বল থকাৰ পাছতাে শদিয়াই পর্যটনৰ দিশত এলাগী হৈ ৰ’ল বুলি মন্তব্য কৰি কয়, ‘শদিয়া এখন ইতিহাস প্রসিদ্ধ আৰু এসময়ত ই বিশ্বখ্যাত ঠাই।

চুতীয়া ৰাজত্বকালত বহু কীৰ্তিচিহ্ন এতিয়াও বিৰাজমান যদিও সংৰক্ষণৰ অভাৱত ই সম্প্রতি ধ্বংসৰ গৰাহত। শদিয়াৰ জগত বিখ্যাত চাৰিশাল গোঁসানী দেৱালয় আছে। যত ছয় শতাব্দীজুৰি নৰবলি প্রথা চলি অহা সেই কেঁচাইখাতী গােসাঁনী মন্দিৰ এইখন শদিয়াতে আছে।

প্রাক্-ঐতিহাসিক আন তিনিখন শাল বুঢ়াবুঢ়ী, বলিয়াবাবা আৰু পাতৰ শাল ইয়াতে আছে। ‘কিন্তু আজি বিজ্ঞান প্রযুক্তিৰ জয়জয় ময়ময় দিনতাে এই চাৰিশালক সংৰক্ষণ, সৌন্দর্যবর্ধন আৰু পর্যটন কেন্দ্রবিন্দুৰূপে গঢ়ি তুলিবলৈ স্বাধীনতাৰ ৭৫ বছৰতাে কোনাে এখন চৰকাৰে গুৰুত্ব প্রদান নকৰিলে বুলি গগৈয়ে ক্ষোভ উজাৰি পুনৰ কয়, ‘শদিয়াক যদি চৰকাৰে সঁচাই এইক্ষেত্ৰত গুৰুত্বপ্রদান কৰে, দেশৰ ভিতৰতে ই অন্যতম পর্যটনস্থলীৰূপে পৰিগণিত হ’ব।

ৰাজ্যৰ ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰতাে শদিয়াই বিশেষ বৰঙণি যে যােগাবলৈ সক্ষম হ’ব সি ধূৰূপ।’ উল্লেখ্য যে বিটিছৰ আমােলত শদিয়াক ইংলেণ্ড চহৰৰ আৰ্হিৰে গঢ়ি তুলিছিল আৰু ১৯৫০ৰ ভূমিকম্পৰ আগৰ ছবিসমূহে ইয়াক প্রতিফলিত কৰি আহিছে বুলি বিশিষ্ট লেখিকাগৰাকীয়ে উল্লেখ কৰি পুনৰ কয় যে বিটিছৰ আমােলত এই শদিয়াতে ভাৰতৰত্ন ড° ভূপেন হাজৰিকা এই শদিয়াতে জন্ম হৈছিল।

স্বাধীনতাৰ আজি ৭৫টা বছৰ গৰকাৰ সময়ত শদিয়াৰ এজন জনপ্রতিনিধিয়ে পর্যটন মন্ত্রীৰ আসন অলংকৃত কৰিছিল যদিও শদিয়াক পর্যটনৰ ক্ষেত্ৰৰূপে গঢ়ি তুলিবলৈ কোনাে পদক্ষেপে গ্রহণ নকৰিলে বুলি গগৈয়ে মন্তব্য কৰি কয় যে প্রতিখন চৰকাৰে শদিয়াক অৱহেলা কৰি অহাৰ দৰে অনুভৱ হয়। ৰাজ্যৰ বিভিন্ন স্থানক পর্যটন বিভাগে গুৰুত্ব আৰােপ কৰিছে, সেইফালৰ পৰা চাবলৈ গ’লে শদিয়াৰ ক্ষেত্ৰত তেনে কোনাে পদক্ষেপ হাতত লােৱা দেখিবলৈ পােৱা নাযায়।

অৱশ্যে এইক্ষেত্ৰত শদিয়াবাসীও সজাগ নােহােৱাত চৰকাৰক হেঁচা প্রয়ােগ কৰাত ব্যর্থ হােৱাত পর্যটন মন্ত্রী লাভ কৰিও শদিয়াই কোনােধৰণৰ গুৰুত্ব নাপালে বুলি তেওঁ কয়। ইফালে, পর্যটন ক্ষেত্ৰৰূপে গঢ়ি উঠাৰ অলেখ সম্ভাৱনা থকা সত্ত্বেও প্রতিখন চৰকাৰে শদিয়াক এলাগী কৰি ৰাখিলে বুলি স্থানীয় জ্যেষ্ঠ সাংবাদিক বগেন গগৈয়ে কয় যে স্বাধীনতাৰ দিন ধৰি দিছপুৰে শদিয়াক মাহীআইৰ চকুৰে চাই আহিছে।

দলংখন দিলে যদিও এয়া তুলসীৰ লগত কলপতুৱাৰ মুক্তিৰ দৰেহে হৈছে। শদিয়াবাসীৰ বাবে দলং নিৰ্মাণ কৰা বুলি একাংশই ক’ব খােজে যদিও এয়া দেশৰ নিৰাপত্তাৰ দিশটো সুনিশ্চিত কৰিবলৈহে নির্মাণ কৰা হৈছে। তেওঁ কয়, “বিশ্বখ্যাত চাহপাত প্রথম এই শদিয়াৰ পৰাই পােহৰলৈ আহে।

এই শদিয়াতে মিছনাৰীসকলে ছপাশাল স্থাপন কৰিছিল আৰু পৰৱর্তী সময়ত এই ছপাশাল শিৱসাগৰলৈ স্থানান্তৰিত হয়। শদিয়াক মূল কেন্দ্ৰৰূপে লৈ সমগ্র নেফাত শিক্ষা বিস্তাৰ কৰিছিল। বিটিছে শদিয়াক দ্বিতীয় শ্বিলং হিচাপে গঢ়ি তুলিছিল; যিখন চহৰ ইংলেণ্ডৰ আৰ্হিত সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছিল।

১৯৫০ৰ ভূমিকম্প, ১৯৫১-১৯৫২ত প্রলয়ংকৰী বানপানী আৰু খহনীয়াই এই ধুনীয়া চহৰখনক নিঃশেষ কৰি পেলাইছিল। তিব্বত চীন হৈ কাজাকিস্তান, আফগানিস্তান হৈ ইটালী পর্যন্ত যিটো সােণালী পথ এই শদিয়াৰ পৰাই আৰম্ভ হৈছে।

অতীজত চুতীয়া ৰজাৰ দিনত এই শদিয়াৰ পৰা ইটালী পর্যন্ত বেপাৰ-বাণিজ্য কৰিছিল। চীন দেশলৈ যাবলৈ শদিয়াৰ পৰা এতিয়াও পাঁচটা পথ আছে বুলি জ্যেষ্ঠ সাংবাদিকজনে উল্লেখ কৰি পুনৰ কয়, ‘ৰাজশাসনৰ দিনত শদিয়াৰ লগত চীন, বার্মাৰ লগত যােগসূত্র আছিল।

১৮২৬ত যেতিয়া ব্রিটিছ আহিছিল অসমলৈ, সেই বৰ্ষতে ডেভিড স্কট চাহাবে শদিয়াত প্ৰথমখন মেলা অনুষ্ঠিত কৰিছিল। স্কটে উত্তৰ-পূবৰ ভিতৰত প্ৰথমবাৰলৈ শদিয়াতে এই সর্ববৃহৎ পর্যটন মেলা অনুষ্ঠিত কৰিছিল, য’ত দেশ-বিদেশৰ লােকে ভৰি পৰিছিল। তাৰ পাছতে ব্রিটিছে দৰঙত দ্বিতীয়খন পর্যটন মেলা অনুষ্ঠিত কৰিছিল।

এনে বহু ঘটনাৰ সাক্ষী হােৱাৰ লগতে ইমান সম্ভাৱনা থকাৰ পাছতাে কিন্তু শদিয়া অৱহেলিত হৈ ৰ’ল। উল্লেখ্য যে দলংখন হােৱাৰ পাছতাে কীৰ্তিচিহ্নসমূহ সংৰক্ষণ-সৌন্দর্যবর্ধনৰ অভাৱ, ঘটনা-পৰিঘটনাবােৰক লৈ এটা সংগ্রহালয় নথকাত হেজাৰ হেজাৰ দেশ বিদেশৰ পর্যটক আহি দেশৰ দীর্ঘতম দলংখন চায়ে কাষৰীয়া অৰুণাচললৈ ঢাপলি মেলি সেই ৰাজ্যখনৰ
ৰাজকোষ টনকিয়াল কৰিছে বুলি মন্তব্য কৰি গগৈয়ে পুনৰ কয় যে শদিয়াত ইমানেই পৌৰাণিক কীৰ্তিচিহ্ন আছে, হয়তাে ৰাজ্যৰ অন্যান্য স্থানত থকা কীৰ্তিচিহ্নসমূতকৈ অধিক।

একমাত্র প্রসাৰ আৰু প্ৰচাৰৰ অভাৱ হােৱাৰ বাবেই আজিও শদিয়াৰ এই সম্বলসমূহে চকুলাে টুকিবলগীয়া হৈছে বুলি তেওঁ ক্ষোভ উজাৰি কয়, ‘চৰকাৰতাে বাদেই দল-সংগঠন, বুদ্ধিজীৱীসকলেও কোনােদিন শদিয়াক গুৰুত্ব প্রদান নকৰিলে; কিন্তু বুৰঞ্জীৰ পাতে পাতে শদিয়াৰ কথা উল্লেখ আছে। ব্রিটিছে লিখা প্ৰতিখন কিতাপতে শদিয়াৰ কথা উল্লেখ আছে।

শদিয়াৰ জনপ্রতিনিধি হৈ পর্যটন মন্ত্রী হােৱা জনেই যেতিয়া নকৰিলে, আনে কি কৰিব? এয়াই শদিয়াবাসীৰ ক্ষোভ বুলি গগৈয়ে সদৰী কৰি শেহতীয়াকৈ আন্দোলনৰ পৰিপ্ৰেক্ষিতত পুৰাতত্ত্ব বিভাগে পাঁচটা স্থান গ্রহণ কৰিছে যদিও সেয়াও তেনেকৈ পৰি ৰৈছে।

তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দিনত শদিয়াৰ বাবে বিশেষ এশকোটি টকাৰ পেকেজ ঘােষণা কৰা হৈছিল যদিও সেয়া ঘােষণাতে থাকিল বুলি গগৈয়ে মন্তব্য কৰি বর্তমানৰ চৰকাৰক বিশ্বখ্যাত শদিয়াক পুনৰ জিলিকাই তুলিবলৈ এক বিশেষ পেকেজ মুকলি কৰি দিবলৈ দাবী জনায়। উল্লেখ্য যে অসমৰ ভিতৰত প্রথম সূৰ্যৰ কিৰণ ওলায় শদিয়াত।

এই কিৰণ ড° ভূপেন হাজৰিকাৰ সেতুৰ পৰা সুন্দৰভাৱে উপভােগ কৰিব পাৰি। এই শদিয়াৰ পৰাই ব্রহ্মপুত্র, চিয়াং, দিবাং নদীৰ আৰম্ভণি হােৱাৰ লগতে ইতিহাস প্রসিদ্ধ কুণ্ডিল নদী এই শদিয়াৰ মাজেৰে বৈ গৈছে। প্রাচীন কালত নৰবলি প্ৰথাৰে বিশ্ব বুৰঞ্জীত স্থান পােৱা পূব কামাখ্যা, দিক্কৰবাসিনী খ্যাত কেঁচাইখাতি বা শ্বেৰী শালৰ উপৰি শদিয়াত বহুকেইটা বৃহৎ ৰজাদিনীয়া পুখুৰী, গড়, মৈদাম আছে।

এই শদিয়াৰ পৰাই ভীষ্মক নন্দিনী ৰুক্মিণী যাক ভগৱান শ্রীকৃষ্ণই বিয়া কৰাইছিল বুলি প্রবাদ আছে। এনে অলেখ সম্বল থকাৰ পাছতাে আজিও পর্যটনৰ উৎস নহ’ল শদিয়া। শদিয়াৰ সন্দৰ্ভত লেখক দেৱেন বৰুৱাই কয়, ‘দেশ আৰু স্বজাতিৰ বাবে এছিয়াৰ ভিতৰতে প্ৰথমবাৰলৈ নাৰী বাহিনী গঠন কৰি যুদ্ধক্ষেত্ৰত জঁপিয়াই পৰা অসমীয়া নাৰীৰ স্বাভিমানৰ প্রতীক বীৰাংগনা সাধনীৰ জীয়া বাস্তৱ ছবিৰ সাক্ষী এই শদিয়া।

এসময়ত আন্তঃৰাষ্ট্রীয় বাণিজ্য কেন্দ্ৰৰূপে গঢ়ি উঠা এই শদিয়াত লােণৰ পুং, প্রথম সত্ৰ ব্যৱস্থা, লােৰ খনি আছিল। শদিয়াৰ যােগেদি চীনৰ পৰা তামৰ আমাদানি হৈছিল। চীনৰ পৰা খাৰ-বাৰুদ শদিয়াৰ জৰিয়তে আহিছিল আৰু অসমত প্ৰথম বৰটোপৰ ব্যৱহাৰ শদিয়াৰ পৰাই হৈছিল।

শদিয়াতে প্রথম ইটা নির্মাণ হৈছিল। এই শদিয়াতে প্রথম নাৰী অধিকাৰ, সুৰক্ষা, সম অধিকাৰ আইন চুতীয়া ৰাজশাসনৰ দিনত প্ৰৱৰ্তন হৈছিল, য’ত নাৰীক বেত্রাঘাত তথা বন্দী কৰিব নােৱাৰিছিল। উল্লেখ্য যে কিংবদন্তিৰ মতে এই শদিয়াতে বিহু উৎপত্তি হৈছিল বুলি কোৱা হয় বুলি উল্লেখ কৰি বৰুৱাই অনেক সম্বলেৰে চহকী কৰা শদিয়াক স্বাধীনতাৰ ৭৫ৰ বছৰ পাছতাে প্ৰতিখন চৰকাৰে অৱহেলিত কৰি ৰখাটো দুর্ভাগজনক আখ্যা দিয়ে।

সেয়ে বিশ্ব পর্যটন দিৱসৰ দিনটোতে শদিয়াৰ পূর্ব স্মৃতি-সম্বলসমূহক লৈ পর্যটন কেন্দ্র বিন্দুৰূপে গঢ়ি তুলিবলৈ চৰকাৰক দাবী জনাইছে শদিয়াবাসীয়ে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dainik AgradootSadiyaWorld Tourism Day
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d