কৰ’নাৰ উৎপত্তিৰ সন্দৰ্ভত পুনৰ তদন্ত চলাব বিশ্ব স্বাস্থ্য সংস্থাই : ২০ বিশেষজ্ঞ বিজ্ঞানীৰে নতুন অনুসন্ধানকাৰী দল গঠন

who

বিশ্ব স্বাস্থ্য সংস্থা (হু)ই কৰ’নাৰ উৎপত্তিৰ সন্দৰ্ভত পুনৰ তদন্ত কৰিব । এই সন্দৰ্ভত হুৱে ইতিমধ্যে ২০ জন বিজ্ঞানীৰে এটা নতুন তদন্তকাৰী দল গঠন কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই সোমাবাৰে এই কথা প্ৰকাশ কৰি জনোৱা অনুসৰি, ২০ জনীয়া সদস্যৰ নতুন তদন্তকাৰী দলটোৱে চীনৰ লগতে আন দেশতো কৰ’নাৰ উৎপত্তিৰ সন্দৰ্ভত পুনৰাই অনুসন্ধান চলাব । তদন্তকাৰীৰ দলটোত প্ৰয়োগশালাৰ সুৰক্ষা, জৈৱ সুৰক্ষা বিশেষজ্ঞ, অনুবংশীয় বিশেষজ্ঞ, পশুৰোগ বিশেষজ্ঞ আদিক অন্তৰ্ভুক্ত কৰা হৈছে ।

‘ৱাল ষ্ট্ৰিট জাৰ্ণেল’ৰ বাতৰি অনুসৰি, এই দলটোৱে চীন আৰু অন্যান্য অঞ্চলত ক’ভিড-১৯ৰ সংক্ৰমণৰ সন্দৰ্ভত প্ৰয়োজনীয় তথ্যপাতি যোগাৰ কৰিবলৈ নতুনকৈ অভিযান চলাব । উল্লেখ্য যে পূৰ্বে হু আৰু চীনৰ যৌথ তদন্তকাৰী দল এটাই যোৱা মাৰ্চত তদন্ত চলাই কোনো পৰীক্ষাগাৰৰ পৰা কৰ’না ভাইৰাছৰ প্ৰথম হোৱাৰ কথা অস্বীকাৰ কৰিছিল । এই তদন্তকাৰী গোটক চীনে প্ৰথমে দেশখনত অনুসন্ধান চলোৱাৰ ক্ষেত্ৰত বাধা দিছিল যদিও পাছত আন্তঃৰাষ্ট্ৰীয় হেঁচাত তদন্তৰ বাবে অনুমতি দিবলৈ বাধ্য হৈছিল ।

তদন্তকাৰী দলটোৱে প্ৰথম তদন্তত চীনৰ পৰীক্ষাগাৰত কৰ’না ভাইৰাছৰ সৃষ্টি কৰাৰ অভিযোগ অস্বীকাৰ ‌কৰি প্ৰতিবেদন দাখিল কৰাত বিশ্বজুৰি ক’ভিডৰ সংক্ৰমণৰ উৎসক লৈ পুনৰ প্ৰশ্ন উত্থাপিত হৈছিল । বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি, ক’ভিডৰ প্ৰথম সংক্ৰমণৰ উৎস নিৰ্ধাৰণ কৰাটো অতি জৰুৰী আৰু সেয়েহে আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য নীৰিক্ষক সংস্থাটোৱে ক’ভিডৰ উৎপত্তিৰ পুনৰ তদন্ত চলাবলৈ নতুনকৈ ২০ জনীয়া সদস্যৰে এটা বিশেষজ্ঞৰ দল গঠন কৰিলে ।

Exit mobile version