জি-২০ৰ ভিডিঅ’ বৈঠকত আফগানিস্তান

images

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সদ্যসমাপ্ত আমেৰিকা ভ্ৰমণত আফগানিস্তান পৰিস্থিতি সন্দৰ্ভত আন্তর্জাতিক আলোচনা আৰম্ভ কৰা সম্ভৱ বুলি দাবী কৰিছে বৈদেশিক মন্ত্রণালয়ে । আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে প্ৰধানমন্ত্ৰী মোদীৰ শীর্ষ দ্বিপাক্ষিক বৈঠক, কোৱাডভুক্ত চাৰি ৰাষ্ট্রনেতাৰ বৈঠক, ৰাষ্ট্ৰসংঘৰ সাধাৰণ অধিবেশনত প্ৰধানমন্ত্ৰী মোদীৰ বক্তৃতা আৰু ৰাষ্ট্ৰসংঘত বহু ৰাষ্ট্রৰ বৈদেশিক মন্ত্রীৰ স’তে বৈদেশিক মন্ত্রী এছ জয়শংকৰৰ নিৰৱচ্ছিন্ন দৌত্য — সর্বত্র কাবুল সংক্রান্ত আশংকাৰ কথা বিশদভাৱে দাঙি ধৰিছে ভাৰতে ।

সূত্র অনুসৰি, জি-২০ভুক্ত ৰাষ্ট্ৰসমূহ অতি শীঘ্রে ভিডিঅ’ বৈঠকত মিলিত হ’ব । সেই বৈঠকত অন্যতম আলোচ্য বিষয় হ’ব — আফগানিস্তান সংকট । যোৱা সপ্তাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সম্মিলনৰ মাজতে জি-২০ ভুক্ত দেশৰ বৈদেশিক মন্ত্রীসকলে কাবুল সন্দৰ্ভত বৈঠকত মিলিত হয় । সেই বৈঠকত বহু বিষয়ত ঐক্যমত্যও গঢ়ি উঠে । সেই বৈঠকত সন্ত্রাসবাদ আৰু বিদেশী নাগৰিকসকলৰ আৰু যিসকল আফগানীয়ে দেশত্যাগ কৰিব বিচাৰে, তেওঁলোকক নিৰাপদে উভতাই অনাৰ বিষয়ে অগ্রাধিকাৰ পায় । তেতিয়াই ঠিৰাং কৰা হয় যে, জি-২০ৰ ৰাষ্ট্রপ্রধানসকলৰ স’তে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বৈঠকত মিলিত হ’ব ।

আফগানিস্তানত সকলো সম্প্রদায়ৰ মানুহৰ লগতে মহিলা আৰু সংখ্যালঘুসকলৰ প্রতিনিধিত্বমূলক, সন্ত্রাস আৰু মৌলবাদমুক্ত চৰকাৰ এনে ধৰণৰ বিষয়ে আলোচনাৰ কেন্দ্র হ’ব । লগতে, সম্ভাৱনীয় সংকট, সন্ত্ৰাসবাদীসকলক অর্থ সাহায্য, আফগানিস্তানৰ পৰা অন্য দেশৰ মানুহক নিৰাপদে উভতাই অনা, সংখ্যালঘুৰ অধিকাৰ, নাৰীৰ অধিকাৰৰ দৰে বিষয়সমূহো আলোচিত হ’ব । অক্টোবৰৰ শেষত ইটালীত জি-২০ সম্মিলন হোৱাৰ সম্ভাৱনা আছে ।

Exit mobile version