দুৰ্নীতি গ্ৰস্ত লাট মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান জমুনাটাৰীৰ ভূক্তভোগীৰ

65a7376f 367a 466c 882c d58738446d68

কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰী ৰাজহ চক্ৰৰ অধিন জমুনাটাৰী গাওৰ বাসিন্দা আব্দুল ছামাদ নামৰ লোক এজণৰ পৰা মাটি নামজাৰি কৰি দিয়াৰ বাবদ ৬২ হেজাৰ টকা লাট মণ্ডল ছুলতান আহমেদে লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ।

তথ্য অনুসৰি বিগত দুটা বছৰৰ আগতে লাট মণ্ডল ছুলতান আহমেদে ভাওৰাগুৰী ৰাজহ চক্ৰৰ অধিন জমুনাটাৰী গাওৰ আব্দুল ছামাদ নামৰ লোক এজনৰ পৰা টকা লৈ মাটিৰ নামজাৰি কৰি দিম বুলি আশ্বাস দি আহিছে যদিও দুটা বছৰ অতিক্ৰম কৰাৰ পাছত আজিলৈকে মাটিৰ নামজাৰি নকৰাৰ বাবে ভূক্তভূগি আব্দুল ছামাদে হতাশ গ্ৰস্ত হৈ সংবাদ মাধ্যমৰ কাষ চাপে ।

উল্লেখ্য যে দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল ছুলতান আহমেদ ভাওৰাগুৰী ৰাজহ চক্ৰত কৰ্মৰত অৱস্থাত এনে বিভিন্ন ধৰনৰ দুৰ্নীতি সংঘটিত কৰি বৰ্তমান বগৰীবাৰী ৰাজহ চক্ৰত কৰ্মৰত হৈ আছে ।

এই দূৰ্নীতিগ্ৰস্ত লাট মণ্ডল জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ভুক্তভোগী আব্দুল ছামাদৰ লগতে অন্যলোক সকলোও ।

ৰাজ্যত ডঃ হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে ভূ মাফিয়া আৰু মাটিৰ দালালৰ বিৰুদ্ধে যি পদক্ষেপ গ্ৰহন কৰিছে তেনেক্ষেত্ৰত এই লাট মণ্ডল জনৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া লক্ষনীয় হব ।

Exit mobile version