পূজাৰ পূৰ্বে আৰম্ভ হৈছে Amazone গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল,

আকৰ্ষণীয় ডিছকাউন্টত ক্ৰয় কৰক আপোনাৰ পছন্দৰ সামগ্ৰী

998120 997849 amazon great indian festival amazonin

পূজালৈ মাজত মাত্ৰ কেইটামান দিন বাকী।দোকানত ভিৰ লাগিলেও বহুতে কৰ’নাৰ কথা মনত ৰাখি অনলাইনত বজাৰ কৰা আৰম্ভ কৰিছে।

কেৱল কাপোৰ বা গহনাই নহয় এইবাৰ কোনো কোনোৱে ভাবিছে অনলাইনত মোবাইল বা অন্য কোনো ইলেকট্ৰনিক সামগ্ৰী লোৱাৰ কথা। সেই কথা মনত ৰাখি পূজাৰ পুৰ্বেই মেগা ছেল লৈ হাজিৰ এমেজন ।

প্ৰতিবাৰেই দিপাৱলীৰ পূৰ্বে আকৰ্ষণীয় অফাৰ লৈ হাজিৰ হয় জনপ্ৰিয় ই-কুমাৰ্চ সংস্থা এমেজন ।এইবাৰ চাৰি অক্টোবৰ অৰ্থাৎ দুৰ্গা পূজাৰ আগেই আৰম্ভ হৈছে এমেজন গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল।

চলিব গোটেই মাহ।সংস্থাৰ তৰফৰ ফালৰ পৰা জনোৱা হৈছে,ক্রেতাসকলৰ বিশ্বাস আৰু লক্ষ লক্ষ ক্ষুদ্ৰ ব্যৱসায়িক সকলৰ সুবিধাৰ কথা লক্ষ্য ৰাখি এই সমূহ অনা হৈছে।

নিশ্চয়ই ভাবিছে কোন কোন সামগ্ৰীত পাব ডিছকাউন্ট? সংস্থাৰ ফালৰ পৰা জনোৱা হৈছে,ছেমছাং,ৱানপ্লাছ,ছাওমি,ছনি ,এপল, বোট, লেনোভো,এইচপি, সহ একাধিক বেণ্ডৰ সামগ্ৰীৰ ওপৰত পাব বিশেষ আকৰ্ষণীয় দিছকাউন্ট ।

Exit mobile version