বেইজিঙৰ সিদ্ধান্তত ক্ষুব্ধ দিল্লী ,২৩ হেজাৰৰো অধিক ভাৰতীয় ব ছাত্ৰ- ছাত্ৰী অধ্যয়নৰত

অজুহাত কৰ'না : ভাৰতীয় নিষিদ্ধ হ'ল চীনত

download 3

কৰ’না অতিমাৰীৰ অজুহাত দি হেজাৰ হেজাৰ ভাৰতীয়ক চীনত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰিছে জি জিনপিং চৰকাৰে। ইয়াকে লৈ ভাৰত চৰকাৰ ক্ষুব্ধ হৈছে আৰু চুবুৰীয়া ৰাষ্টৰ এনে কাৰ্যক অবৈজ্ঞানিক বুলি কটাক্ষ কৰিছে।

ADVERTISEMENT

অৱশ্যে সোমাবাৰে বেইজিঙে নিজ স্থিতিৰ সমৰ্থনত কয় যে ক’ভিড-১৯ প্ৰসাৰ নিয়ন্ত্রণ কৰিবলৈ এই পদক্ষেপ লােৱা হৈছে। উল্লেখ্য যে চীনত ২৩ হেজাৰাে অধিক ভাৰতীয় ছাত্র-ছাত্ৰীয়ে অধ্যয়ন কৰে।

ইয়াৰে অধিকাংশই চিকিৎসা পাঠ্যক্ৰমত অধ্যয়নৰত। তদুপৰি কে’বাশ ভাৰতীয় ব্যৱসায়ীয়ে পৰিয়ালসহ চীনত বসবাস কৰে। ২০১৯ৰ শেষৰ ফালে চীনত কৰ’না সংক্রমণ বৃদ্ধি পােৱাৰ পাছত তেওঁলােক ভাৰতলৈ উভতি আহে।

তাৰ পাছৰে পৰা ভাৰতৰ স’তে বিমান সেৱা বন্ধ কৰি দিয়ে চীনে। ভাৰতীয়ক ভিছা প্রদানাে বন্ধ কৰে। এই বিষয়ে যােৱা ২৩ ছেপ্টেম্বৰত চীনৰ চৰকাৰৰ স’তে আলােচনা কৰে সেই দেশত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত বিক্রম মিচৰীয়ে। তেওঁ কয়, ‘ডেৰ বছৰৰ অধিক সময় ধৰি ভাৰতীয়সকলক চীনত প্ৰৱেশত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

এতিয়া পৰিস্থিতি বহু স্বাভাৱিক। এনে সময়ত এই ধৰণৰ সিদ্ধান্ত অবৈজ্ঞানিক। এই সিদ্ধান্তৰ ফলত হেজাৰ হেজাৰ ছাত্ৰ-ছাত্ৰী আৰু ব্যৱসায়ীক যাবলৈ বাধা দিয়া হৈছে। মানৱীয়তাৰ খাতিৰত চীনে সিদ্ধান্ত সলনি কৰা উচিত। ‘তেওঁ এই কথাও কয় যে অতিমাৰী পৰিস্থিতি স্বাভাৱিক হােৱাৰ পাছত ভাৰতে বিদেশী নাগৰিকৰ ভিছা দিছে।

চীনেও সেই পথত খােজ দিয়া উচিত বুলি তেওঁ কয়। আনহাতে, চীনে কয় যে ক’ভিডৰ প্ৰসাৰ ৰােধ কৰিবলৈ এনে কৰা হৈছে। এই যথােচিত পদক্ষেপৰ জৰিয়তে কৰ’না নিয়ন্ত্রণ কৰা হ’ব। কেৱল ভাৰতে নহয়, বিদেশৰ পৰা দেশলৈ উভতি অহা চীনা নাগৰিকৰ ক্ষেত্ৰত ইয়াৰ সমাধানৰ বাবে বিক্রম মিচৰীৰ প্ৰশ্নৰ উত্তৰত চীনা বৈদেশিক মন্ত্রণালয়ৰ মুখপাত্র স্বা চুনিয়াঙে অদূৰ ভৱিষ্যতে এই নীতি শিথিলৰ কোনাে সম্ভাৱনা নাই বুলি কয়।

চীনৰ মুখপাত্রই কয় যে সুৰক্ষাৰ বাবে এনে কৰা হৈছে। তথ্য অনুসৰি বৃহৎ সংখ্যক চীনা নাগৰিক ভাৰতত সিঁচৰতি হৈ আছে আৰু বিমান সেৱা বন্ধ থকা বাবে উভতি আহিব পৰা নাই।

হুৱাই কয়,’ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আমি প্রকৃত ব্যৱস্থাপনাৰে ভাৰতৰ দৰে দেশৰ লগত কাম কৰিবলৈ সাজু আছে; কিন্তু ইয়াৰ অৰ্থ এয়াই নহয় যে আমি তাৎক্ষণিকভাৱে সমস্যা সমাধান কৰিম।’ এই নিষেধাজ্ঞাৰ ফলত বহু লােকে চাকৰি-ব্যৱসায়ী হেৰুওৱাৰ লগতে পৰিয়ালৰ পৰা বিচ্ছিন্ন হৈছে।

Exit mobile version