Delhi Riot : হঠাৎ সংঘটিত হোৱা নাছিল, দিল্লী সংঘৰ্ষৰ আঁৰত আছিল নিৰ্দিষ্ট পৰিকল্পনা ! উচ্চ ন্যায়ালয়

delhi riots 571 855

বিগত বৰ্ষত দিল্লীত হঠাৎ সংঘৰ্ষ হোৱা নাছিল, বৰঞ্চ আগৰ পৰাই পৰিকল্পনা কৰি ঘটানাটো সংঘটিত কৰা হৈছিল বুলি জনায় দিল্লী উচ্চ ন্যায়ালয়ে । এই গোচৰত অভিযুক্ত এজনৰ জামিনৰ আবেদন খাৰিজ কৰিছে ন্যায়ালয়ে ।

মঙলবাৰে দিল্লী উচ্চ ন্যায়ালয়ে জানায়, ২০২০ৰ ফেব্রুৱাৰীত দিল্লীত হোৱা সংঘৰ্ষৰ ঘটনা এটা ষড়যন্ত্র আছিল । আগৰ পৰাই পৰিকল্পনা কৰি এই ঘটনাক বাস্তবায়িত কৰা হৈছিল । সংঘৰ্ষৰ যি ভিডিঅ’ আদালতক জমা দিয়া হৈছিল তাৰ পৰা স্পষ্ট যে, চৰকাৰৰ কাৰ্যত বাধা আৰু শান্তি বিঘ্নিত কৰিবলৈয়ে এই পৰিকল্পনা কৰা হৈছিল ।

ন্যায়াধীশ সুব্রহ্মণ্যম প্রসাদ ৰায়ে কয়, ‘‘যিসমূহ অঞ্চলত সংঘর্ষ হৈছিল সেইসমূহ অঞ্চলত আগৰ পৰাই চিচিটিভি কেমেৰা বেয়া কৰি দিয়া হৈছিল । সংঘৰ্ষৰ সময়ত সাধাৰণ মানুহৰ ওপৰত লাঠি, বেট, লোহাৰ ৰডেৰে আক্ৰমণ কৰা হয় । ইয়াৰ পৰাই প্রমাণিত হয় যে, চহৰৰ আইন-শৃংখলাত বাধা প্ৰদান কৰিবৰ বাবেই এই ঘটনা সংঘটিত কৰা হৈছিল ।’’

দিল্লীৰ সংঘৰ্ষত ৫০ জনৰো অধিক লোকে প্রাণ হেৰুৱাইছে । ২০০ জনৰো অধিক লোক আহত হয় । এই ঘটনাত বিগত বৰ্ষৰ ডিচেম্বৰত মহম্মদ ইব্রাহিম নামে এজন ব্যক্তিক গ্রেপ্তাৰ কৰা হয় । দিল্লী আৰক্ষীৰ হেড্ কনষ্টেবল ৰতন লাল হত্যাকাণ্ডত অভিযুক্ত । তেওঁ আদালতত দাবী কৰে, পৰিয়ালৰ সুৰক্ষাৰ বাবে অস্ত্র ৰাখিছিল । অৱশ্যে আদালতে তেওঁক জামিন দিয়া নাই । যদিও আন এজন ধৃত মহম্মদ ছেলিম খানক জামিন দিছে দিল্লী উচ্চ ন্যায়ালয়ে ।

Exit mobile version