Diabetric Diet:ডায়েবেটিচ আক্ৰান্তসকলে খাদ্যৰ তালিকাত ৰাখক এইসমূহ পাচলি

is the mediterranean diet best for diabetes 1440x810 1

সমগ্ৰ বিশ্বজুৰী প্ৰায় ৪২কোটিৰো অধিক লোক ডায়েবেটিছত ভুগি আছে আৰু দৈনিক ইয়াৰ সংখ্যা বৃদ্ধি পাইছে । ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিলেহে এই ৰোগক প্ৰতিৰোধ কৰিব পৰা যাব। কিন্তু তাৰ বাবে কেৱল বাহিৰৰ ঔষধ খালেই নহয়! আৰম্ভণিৰ পৰা যদি খাদ্যাভ্যাসত আমূল পৰিৱৰ্তন কৰিব পাৰি, এই ৰোগ নিয়ন্ত্ৰণ কৰাও সম্ভৱ।

গ্লাইচেমিক সূচক কম থকা খাদ্য ডায়েবেটিচত খাব লাগে। গতিকে সদায় খোৱাৰ পাতত ৰাখক এই সমূহ পাচলি ……

গাজৰ

গাজৰ হৈছে এক অতি পুষ্টিকৰ পাচলি। ইয়াত বিটা কেৰোটিন, ফাইবাৰ, ভিটামিন কে১, ভিটামিন এ আৰু যথেষ্ট এণ্টিঅক্সিডেণ্ট থাকে ।গাজৰৰ গ্লাইচেমিক সূচকৰ পৰিমাণ হৈছে ১৬, যি অত্যন্ত কম। ফলস্বৰূপে, এই পাচলিবোৰ খোৱাৰ ফলত উচ্চ ৰক্ত শৰ্কৰাৰ স্তৰ নহয়। বৰঞ্চ ই টাইপ ২ ডায়বেটিচৰ আশংকা হ্ৰাস কৰে। গতিকে প্ৰতিদিনে আপোনাৰ খাদ্যৰ তালিকাত গাজৰ ৰাখিব পাৰে। ইয়াক বইল কৰি বা চালাডৰ দৰে খাব পাৰে।

ব্ৰকলি

ডায়েবেটিচত ভুগিলে দৈনিক ডায়েটত ৰাখক ব্ৰকলি । ইয়াত আয়ৰণ, ভিটামিন চি, ফাইবাৰ, প্ৰ’টিন, কেলচিয়াম, মেগনেছিয়ামকে ধৰি কে’বাটাও পুষ্টি উপাদান থাকে। ব্ৰকলিত থকা যৌগ ছালফোৰাফেনে ডায়েবেটিচত ভুগি থকা ৰোগীৰ ৰক্তনলীবোৰ ক্ষতিৰ পৰা সুৰক্ষিত কৰে। ইয়াত থকা গ্লাইচেমিক সূচকো মাত্ৰ ১৫। আপুনি এই পাচলিটো চালাড বা চুপৰ স’তে দৈনিক খাব পাৰে।

তিয়ঁহ

যিহেতু তিয়ঁহৰ পানীৰ পৰিমাণ অতি বেছি, ই শৰীৰটো আৰ্দ্ৰ কৰি ৰখাত সহায় কৰে। শেহতীয়া গৱেষণাই পৰামৰ্শ দিয়ে যে তিয়ঁহত থকা উপাদানবোৰে মানৱ শৰীৰত ইনচুলিন গঠনত সহায় কৰে। মাত্ৰ ১৪ গ্লাইচেমিক সূচকৰ স’তে এই পাচলি খোৱাটোৱে ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে।

Exit mobile version