Kanhaiya Kumar : কানহাইয়া কুমাৰৰ কংগ্ৰেছত যোগদান

kanhaiya kumar 1612458076

জল্পনাক সত্য প্ৰমাণিত কৰি কংগ্রেছত যোগ দিলে চিপিআই নেতা কানহাইয়া কুমাৰে । কিন্তু মঙলবাৰে সন্ধিয়া নতুন দিল্লীত কংগ্রেছত যোগ দিয়াৰ পূৰ্বে পটনাৰ চিপিআই দলীয় কার্যালয়ৰ পৰা শীতাতপ নিয়ন্ত্রণ যন্ত্র (এচি) খুলি নিজ গৃহলৈ লৈ যায় কানহাইয়া কুমাৰে । ইয়কে লৈ তীব্ৰ বিতর্কৰ সৃষ্টি হৈছে । বিহাৰত চিপিআই-ৰ সাধাৰণ সম্পাদক ৰামনৰেশ পাণ্ডেই কয়, ‘‘আমি আপত্তি কৰা নাই । কাৰণ সেই এচিটো নিজৰ টকাৰে স্থাপন কৰিছিল কানহাইয়াই । সেইটো খুলি নিয়াত আপত্তি কিয় কৰিম ?’’

এই বিতর্কৰ মাজতেই মঙলবাৰে নতুন দিল্লীত কংগ্রেছত যোগ দিয়ে । যদিও চিপিআই নেতৃত্ব‌ শেষ মুহূর্ত পর্যন্ত আশাবাদী আছিল যে কানহাইয়াই কংগ্রেছত যোগ নিদিয়ে । কানহাইয়াই যোগ দিয়াৰ আগ মুহূর্ততো ৰামনৰেশে কৈছিল, ‘‘ম‌ই এতিয়াও আশাবাদী কানহাইয়াই কংগ্রেছত যোগ দিয়াৰ সিদ্ধান্ত সলনি কৰিব । কাৰণ কানহাইয়া এজন বামপন্থী মানসিকতাৰ মানুহ । এনে ধৰণৰ মানুহ নিজৰ মতত অটল থাকিব, সেইটোৱেই স্বাভাৱিক ।’’ কিন্তু বাস্তৱত মঙলবাৰে সন্ধিয়া চিপিআই ত্যাগ কৰি কংগ্রেছতেই যোগ দিয়ে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)-ৰ শিক্ষাৰ্থী সংসদৰ প্রাক্তন সভাপতি কানহাইয়াই ।

দল ত্যাগ কৰাৰ সময়ত কানহাইয়াই চিপিআই-ৰ ৰাষ্ট্ৰীয় কর্মসমিতিৰ সদস্য আছিল । পার্টীৰ পৰিকাঠামোত যি সর্বোচ্চ নীতি নির্ধাৰক সমিতি হিচাপে বিবেচিত হয় ।

মঙলবাৰে কানহাইয়াৰ স’তে গুজৰাতৰ নির্দলীয় বিধায়ক জিগ্নেশ মেবাণীয়েও কংগ্রেছত যোগ দিছে বুলি ধাৰণা কৰা হৈছিল । কানহাইয়াৰ যোগদান সভাতো তেওঁক দেখা যায় । কিন্তু পৰৱৰ্তী সময়ত জানিবলৈ পোৱা যায় যে, জিগ্নেশে কংগ্রেছত যোগ দিয়া নাই । এই সন্দৰ্ভত তেওঁ কয়, ‘‘ম‌ই আনুষ্ঠানিকভাৱে কংগ্রেছত যোগ দিব পৰা নাই । কাৰণ, ম‌ই এজন নির্দলীয় বিধায়ক । যদি ম‌ই কোনো দলত যোগ দিওঁ, মোৰ বিধায়ক পদ খাৰিজ হৈ যাব । ম‌ই আদর্শগতভাৱে কংগ্রেছতেই আছো । সমাগত বিধানসভা নিৰ্বাচনত ম‌ই কংগ্রেছৰ প্রতীকত প্ৰতিদ্বন্দিতা কৰিম ।’’

Exit mobile version