Shah Rukh Khan-Salman Khan :একে বছৰতে ছলমান-শ্বাহৰুখ !’পাঠান’আৰু ‘টাইগাৰ ৩’ ৰ মুক্তি ৰ তাৰিখ প্ৰকাশ

909146 salman khan dedicate award to shah rukh khan 1613285952399 1613285978130

দীর্ঘ বিৰতিৰ পাছত পুনৰ পৰ্দাত শ্বাহৰুখ খান । কেতিয়া মুক্তি পাব তেওঁৰ আহিবলগীয়া ছবি ‘পাঠান’ ?যোৱা কেইমাহমান ধৰি এই প্ৰশ্নৰ উত্তৰ বিচাৰি আছে শ্বাহৰুখৰ অনুৰাগীসকলে।অৱশেষত উত্তৰটো আহিল সোমবাৰ। একেলগে প্ৰকাশ পালে ছলমান খানৰ আহিবলগীয়া ছবি ‘টাইগাৰ ৩’ মুক্তি তাৰিখ।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেয়ে ২২ অক্টোবৰৰ পৰা ৰাজ্যখনৰ ছবিগৃহ সমূহ মুকলি হ’বলৈ অনুমতি দিয়াৰ পাছতেই এখনৰ পাছত এখন ছবিৰ মুক্তিৰ তাৰিখ ঘোষণা কৰিছে।

ইয়াৰ পূৰ্বে, খবৰ পোৱা গৈছে যে ৰোহিত চেট্টীৰ দ্বাৰা পৰিচালিত অক্ষয় কুমাৰ আৰু ৰণবীৰ সিং অভিনীত ‘সূৰ্যবংশী’ এই বছৰ দেৱালীত মুক্তি পাব।

তাৰ পাছতেই যশৰাজ ফিল্মছে মুঠ চাৰিখন ছবিৰ মুক্তি তাৰিখ জনাইছে। বৰদিনত মুক্তি পাব ৰণবীৰ-দীপিকাৰ পাদুকনৰ ‘৮৩।কিন্তু বলীউডৰ বাদছাহ আৰু ভাইজানৰ চলচ্চিত্ৰৰ মুক্তিৰ বাবে অপেক্ষা কৰি থকা অনুৰাগীসকলে যেন শান্তি বিচাৰি পালে।

দুয়োজনৰ দুখন চলচ্চিত্ৰ চাৰি মাহৰ ভিতৰত মুক্তি পাব। শ্বাহৰুখৰ ছবি মুক্তি পাব ২০২২চনৰ ১৫আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসত আৰু ছলমান খানৰ ছবি মুক্তি পাব অহা বছৰৰ বৰদিনত ।

দীপিকা পাডুকন আৰু জন আব্ৰাহামক শ্বাহৰুখৰ স’তে ‘পাঠান’ত দেখা যাব। আনফালে ‘টাইগাৰ ৩’ত সেই একেই যুতি লৈ উভতি আহিছে ছলমান আৰু কেটৰিনা কেইফ।

সূত্ৰৰ তথ্য অনুসৰি , দুয়োখন চলচ্চিত্ৰৰ মুক্তিৰ মাজৰ ব্যৱধানটো অতি চিন্তাশীলভাৱে ৰখা হৈছে। কোনো প্ৰকাৰে যাতে এখন চিনেমা আন এখন চলচ্চিত্ৰৰ ক্ষতি কৰিব নোৱাৰে সেইটোৱেই চোৱা হৈছে।

Exit mobile version