ইউৰিক এচিড নিয়ন্ত্ৰণৰ সহজ উপায়

কেৱল আপুনিই নহয়, বিশ্বৰ প্ৰায় চাৰি কোটি লোক ইউৰিক এচিডৰ সমস্যাত ভুগি আছে। প্ৰায় ১৫ লাখ লোক ইউৰিক এচিডত গাঁঠিৰ বিষৰ স’তে শয্যাশায়ী হৈ দিন কটাইছে ।এটা গৱেষণা পত্ৰই এই তথ্য প্ৰকাশ কৰে।

ইউৰিক এচিডৰ সমস্যা নিয়ন্ত্ৰণত ৰখাটো বৰ কঠিন নহয়। আনকি এই ৰোগটো নিৰাময় কৰিবলৈ আজীৱন ঔষধ গ্ৰহণ কৰাৰ কোনো প্ৰয়োজন নাই। কেৱল দৰকাৰ জীৱনযাত্ৰাৰ ধাৰা পৰিবৰ্তন কৰা – এই মত বিশেষজ্ঞসকলৰ।

★ প্ৰথমে জানি লওক ইউৰিক এচিড হোৱাৰ কাৰণ কি

>>  নিম্ন বিপাক ।

>> শাৰীৰিক সক্ৰিয়তাৰ অভাৱ ।

>> অধিক প্ৰ’টিন আৰু কম চৰ্বি খোৱা ।

>>  ৰাতি গধুৰ আহাৰ ।

>>  অনিয়মিত টোপনি আৰু খোৱা ।

>>  কম পানী খোৱা বা পানীৰ অভাৱ ।

>> বৃক্কৰ সমস্যা ।

>> অধিক মাংস খোৱা ।

★ইউৰিক এচিড নিয়ন্ত্ৰণত ৰখাৰ উপায়

>> প্ৰতিদিনে কমেও ৪৫ মিনিটৰ বাবে ব্যায়াম কৰক।

>> পৰ্যাপ্ত পানী সেৱান কৰক ।

>> ৰাতিৰ আহাৰত দাইল/মটৰ আৰু ঘেঁহু নাখাব।

>> সন্ধিয়া সাত-আঠটা বজাৰ ভিতৰত ৰাতিৰ আহাৰ সমাপ্ত কৰে।

>> নেমুজাতীয় ফল খায় যেনে জামু ,আমলখি খাওক ।

>> বিপাকক্ৰিয়া বৃদ্ধি কৰিবলৈ চেষ্টা কৰক।

>> চাপ কমাই ৰাখিব ।

>> ৰাতি ভাল টোপনিৰ প্ৰয়োজন, যি আপোনাৰ হজম উন্নত কৰাত সহায় কৰে।

★অত্যাধিক ইউৰিক এচিড বৃদ্ধিৰ লক্ষণ

ইউৰিক এচিডৰ অত্যাধিক বৃদ্ধিৰ ফলত গাঁঠিৰ আৰ্থ্ৰাইটিছ বা গাঁঠিৰ বিষৰ দৰে একাধিক সমস্যা হয়। সময়ৰ লগে লগে, আঁঠুকে ধৰি বিভিন্ন অস্থিসন্ধিত ইউৰিক এচিড জমা হয়।

★ইয়াৰ ফলত হাড় ফুলি যায় আৰু বিষ হয়। দীৰ্ঘদিন ধৰি এই সমস্যাত ভুগি থকাৰ ফলত বৃক্কৰ পাথৰ জমা হ’ব পাৰে আৰু কিছুমান লক্ষণ দেখা দিব পাৰে যেনে……

>> পিঠি বা পেটত বিষ হোৱা ।

>> ওকালি অহা ,বমি বমি ভাব ।

>> সঘনাই প্ৰস্ৰাৱ কৰা ।

>> প্ৰস্ৰাৱৰ সময়ত জ্বলা -পুৰা আৰু বিষ অনুভৱ ।

>> প্ৰস্ৰাৱৰ সময়ত তেজ ওলোৱাৰো সম্ভাৱনা ।

>> প্ৰস্ৰাৱৰ দুৰ্গন্ধ হয়।

Exit mobile version