লখিমপুৰ জিলাৰ স্বাস্থ্য কেন্দ্ৰসমূহৰ পৰিদৰ্শন কেশৱ মহন্তৰ

5b66cac6 b09d 4d3a 917e 12314e201d46

মুখ্যমন্ত্ৰীয়ে দিয়া নিৰ্দেশনা অনুসৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধেমাজিৰ কেবিনেট বৈঠকৰ প্ৰাক্কালত আজি লখিমপুৰ জিলাৰ অন্তৰ্গত ধলপুৰ খণ্ড প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰ, জাৰখৰীয়া অঙ্গনবাদী কেন্দ্ৰ, লখিমপুৰ জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অধীনৰ গোসাঁইবাৰী পানী যোগান আঁচনিৰ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ লগতে উত্তৰ লখিমপুৰৰ নগৰৰ ঠাকুৰবাৰী ৰাম মন্দিৰৰ ক’ভিড টিকাকৰণ কেন্দ্ৰতো উপস্থিত হৈ কেন্দ্ৰটোত চলি থকা প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰে।

আজিৰ পৰিদৰ্শন কালত স্বাস্থ্যমন্ত্ৰীগৰাকীৰ স’তে উপস্থিত থাকে বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ লগতে জিলা প্ৰশাসনৰ বিষয়া সকল।

উল্লেখ্য যে, বৃহস্পতিবাৰে ধেমাজিত মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ’ব লগা ৰাজ্যিক কেবিনেটৰ বৈঠকলৈ অহাৰ পথত প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীকে একোখন নিৰ্দিষ্ট জিলাত এটাকৈ স্বাস্থ্যকেন্দ্ৰ, অংগনবাদী কেন্দ্ৰ, ক’ভিড প্ৰতিষেধক কেন্দ্ৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এখন আঁচনি পৰিদৰ্শনৰ দায়িত্ব ন্যস্ত কৰিছে।

একেদৰে, ধেমাজিৰ কেবিনেট বৈঠকৰ পৰা উভতাৰ পথতো প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীকে পুনৰ আন এখন জিলাত একাধিক চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ ঘৰ পৰিদৰ্শনৰ চৰকাৰী কাৰ্যসূচীও মুখ্যমন্ত্ৰীয়ে ন্যস্ত কৰিছে।

Exit mobile version