Coronavirus : দেশজুৰি কৰ’না কণ্টেইনমেণ্ট বিধি ৩১ আগষ্ট পৰ্যন্ত বৃদ্ধি কৰিলে কেন্দ্ৰই

উৎসৱৰ বতৰত ৰাজ্যসমূহক সতৰ্ক কৰিলে গৃহমন্ত্ৰণালয়ে

Ccoronavirus test

উৎসৱমুখৰ পৰিস্থিতিত যাতে কৰ’না সংক্রমণ বৃদ্ধি নাপায় তাৰ বাবে ৰাজ্যবোৰক সতর্ক কৰিলে গৃহমন্ত্রণালয়ে । দেশত কৰ’নাৰ বিধি-নিষেধ বৃদ্ধি কৰা হ’ল ৩১ অক্টোবৰ পর্যন্ত ।

ৰাজ্যৰ মুখ্য সচিবসকলক দিয়া পত্ৰত কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই লিখিছে, উৎসৱৰ বতৰত যাতে কৰ’না সংক্রমণ বৃদ্ধি নাপায়, তাৰ বাবে স্থানীয় প্রশাসনক প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নির্দেশ দিয়ক ৰাজ্য‌ই ।

কাৰণ, দেশত কৰ’নাৰ গ্রাফ নিম্নমুখী হ’লেও স্থানীয় স্তৰত সংক্রমণ হৈছে । সেয়ে স্বাস্থ্যবিধি অৱলম্বন কৰি উৎসৱৰ আয়োজন কৰিব লাগিব । কোনো ঠাইতেই যাতে অধিক জনসমাগম নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব । লগতে টিকাকৰণৰ গতিও বৃদ্ধি কৰিব লাগিব ।

বিগত ২৪ ঘণ্টাত কেৰালাত ১১ হেজাৰৰো অধিক লোক আক্রান্ত হৈছে । উত্তৰ-পূৱৰ মিজোৰামতো দৈনিক সংক্রমণ প্রায় দুই হেজাৰ ।

এনে পৰিস্থিতিত, দেশজুৰি কন্টেইনমেন্ট বিধি ৩১ অক্টোবৰ পর্যন্ত বঢ়ালে কেন্দ্রীয় চৰকাৰে । মেলা, উৎসৱ আৰু অন্যান্য ধর্মীয় অনুষ্ঠানত জনসমাগম হ’লে সংক্রমণ আৰু বৃদ্ধি পাব পাৰে বুলি শংকা প্ৰকাশ কৰিছে কেন্দ্ৰই । যিসমূহ ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত সংক্রমণৰ সম্ভাৱনা আছে, তাত বিধি কঠোৰ কৰাৰ নির্দেশ দিয়া হৈছে ।

ইপিনে, দেশত ২০১ দিনৰ পাছত ২০ হেজাৰৰ নিম্নগামী হ’ল দৈনিক সংক্রমণ । যোৱা ২৪ ঘণ্টাত দৈনিক সংক্রমণ আৰু দৈনিক মৃত্যুৰ হাৰো হ্ৰাস পাইছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ মঙলবাৰৰ পৰিসংখ্যা অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত ১৭৯ জনৰ কৰ’নাত মৃত্যু হৈছে । এদিনত আক্রান্তৰ সংখ্যা ১৮ হেজাৰ ৭৯৫ জন ।

দেশত এই পর্যন্ত চাৰি লাখ ৪৭ হেজাৰ ৩৭৩ জনৰ কৰ’নাত মৃত্যু হৈছে । মুঠ আক্রান্তৰ সংখ্যা তিনি কোটি ৩৬ লাখ ৯৭ হেজাৰ ৫৮১ জন । সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা দুই লাখ ৯২ হেজাৰ ২০৬জন । দেশত এই পর্যন্ত তিনি কোটি ২৯ লাখ ৫৮ হেজাৰ দুজন লোক সুস্থ হৈছে । এদিনত ২৬ হেজাৰ ৩০ জন লোক সুস্থ হৈছে ।

Exit mobile version