Haryana : নিতৌ দুগ্ধ-ঘিঁউ-মদ্যপানত অভ্যস্ত, চুলতানে প্ৰাণ হেৰুৱালে হৃদৰােগত

মূল্য আছিল ২১ কোটি টকা

sultan 1505121517

মূল্য নিৰূপণ কৰা হৈছিল ২১ কোটি টকা। গাখীৰ- ঘিঁউ নিতৌ খােৱাৰ লগতে সন্ধিয়া সুৰাপানৰ অভ্যাসাে আছিল চুলতানৰ। সেই চুলতানৰে হঠাতে হৃদৰােগত আক্ৰান্ত হৈ মৃত্যু হ’ল।

ৰ’ৱ, চুলতান কোনাে ব্যক্তি নহয়, দৰাচলতে হাৰিয়ানাৰ এটি পােহনীয়া ম’হহে। ম’হ হ’লেও চুলতান কোনাে সাধাৰণ ম’হ নাছিল। হাৰিয়ানাসহ সমগ্র দেশতে পৰিচিত হৈছিল এইটো ম’হ। সম্পূর্ণ নাম চুলতান ঝ’টে।

হাৰিয়ানাৰ এই ম’হটোৱে একাধিকবাৰ সংবাদ শিৰােনাম দখল কৰিছিল ইয়াৰ মূল্যৰ জৰিয়তে। চুলতানৰ মূল্য গৰাকীয়ে নিৰূপণ কৰিছিল ২১ কোটি টকা। সেই চুলতানৰে হঠাৎ হৃদৰােগত মৃত্যু হােৱাত চাঞ্চল্যৰ সৃষ্টি হ’ল হাৰিয়ানাত।

চুলতানৰ মালিক আছিল নৰেশ বেনীৱাল। হাৰিয়ানাৰ কৈথলৰ বুড়াখেড়া গাঁৱৰ বাসিন্দা। চুলতানৰ সৰুৰে পৰা লালন-পালন কৰিছিল গৰাকী নৰেশে। নৰেশৰ বাবে চুলতান আছিল নিজৰ সন্তান সদৃশ।

দেশী ঘিউ আৰু গাখীৰ আছিল চুলতানৰ সবাতােকৈ প্রিয় খাদ্য। ছফুট দৈর্ঘ্যৰ আৰু ডেটন ওজনৰ চুলতানে এদিনতে খাদ্য হিচাপে গ্ৰহণ কৰিছিল ১০ লিটাৰ গাখীৰ, ২০ কিলাে গাজৰ, ১০ কিলাে শাক পাচলি আৰু ১২ কিলাে বিভিন্ন গছৰ পাত।

এই খাদ্য গ্রহণৰ লগতে চুলতানৰ আছিল নিচাগ্রহণৰ অভ্যাস। সন্ধিয়া হলেই নিতৌ চুলতানে পান কৰিছিল সুৰা। এই খাদ্যাভ্যাসৰ পৰিণতিতে চুলতান হৃদৰােগত আক্রান্ত হ’ল বুলি পশু চিকিৎসকে ধাৰণা কৰিছে। কিন্তু কিয় সাধাৰণ মহৰ তুলনাত চুলতানৰ মূল্য ইমান অধিক নির্ধাৰণ কৰা হৈছিল ?

কেৱল হাৰিয়ানা বা পঞ্জাৱতে নহয়, দেশৰ যি অঞ্চলতে পশু প্রদর্শনী অনুষ্ঠিত নহওক কিয় ? এনে প্রদর্শনীত সদায়ে নিজৰ গুণৰ জৰিয়তে পুৰস্কাৰ লাভ কৰি আহিছিল চুলতানে।

২০১৩ বৰ্ষত সৰ্বভাৰতীয় পশু সৌন্দর্য প্রতিযােগিতাত ঝাঝৰ, কাৰনাল আৰু হিচাৰত শ্রেষ্ঠ পুৰস্কাৰ অর্জন কৰিছিল চুলতানে। চুলতানৰ মূল্য ২১ কোটি টকা হােৱাৰ মূল কাৰণ আছিল এই মহৰ বীৰ্যৰ বিপুল চাহিদা।

প্রজননৰ বাবে বিক্ৰী কৰা হৈছিল চুলতানৰ বীর্য। গৰাকী নৰেশে দাবী কৰা অনুসৰি, চুলতানৰ বীর্য বিক্ৰীৰে তেওঁ বছৰি কে’বা লাখ টকা উপার্জন কৰিছিল। বছৰত চুলতানৰ ৩০ হেজাৰ পালি বীর্য বিক্ৰী কৰা হৈছিল আৰু প্রতিপালিৰ মূল্যৰ আছিল ৩০৬ টকা।

এই কাৰণতে এখন প্রদর্শনী মেলাত চুলতানৰ মূল্য ২১ কোটি টকা নির্ধাৰণ কৰিছিল। ৰাজস্থানৰ পুষ্কৰ পশুমেলাত এজন লােকে চুলতানক ২১ কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিব বিচাৰিছিল।

কিন্তু গৰাকী নৰেশে ম’হটো বিক্ৰী নকৰিলে। নৰেশে কয় যে চুলতান আছিল তেওঁৰ সন্তানৰ দৰে আৰু সেয়েহে ইমান বৃহৎ পৰিমাণৰ ধন লাভৰ পাছতাে তেওঁ চুলতানক বিক্রী নকৰিলে।

Exit mobile version