REET : ছেণ্ডেলৰ ভিতৰত ‘ব্লুটুথ’ লগাই পৰীক্ষাত নকল পৰীক্ষাৰ্থীৰ : ধৃত পাঁচজন

Bluetooth Slipper

ৰাজস্থানৰ চৰকাৰী বিদ্যালয়ত শিক্ষক নিযুক্তিৰ পৰীক্ষাত নকল কৰিবলৈ গৈ গ্রেপ্তাৰ হ’ল পাঁচজন পৰীক্ষার্থী। অভিযুক্তই নকল কৰিবলৈ যি পদ্ধতিৰ অৱলম্বন কৰিছিল,সেয়া জনাৰ পাছত স্বয়ং আৰক্ষীৰাে চকু কপালত উঠিলে।

ছেণ্ডেল অর্থাৎ হাৱাই চপ্পলৰ মাজত ‘ব্লুটুথ’ সঁজুলি সংস্থাপন কৰি পৰীক্ষাত নকল কৰিছিল অভিযুক্তই। দেওবাৰে ৰাজস্থান এলিজিবিলিটি এগজামিনেচন ফৰ টিচাৰ্ছ (ৰীট) পৰীক্ষা অনুষ্ঠিত হৈছিল।

এই পৰীক্ষাতে আজমেৰৰ এটা পৰীক্ষা কেন্দ্ৰত ছেণ্ডেলৰ ভিতৰত ‘ব্লুটুথ’ সংস্থাপন কৰি উত্তৰ নকল কৰাৰ অপচেষ্টাত আৰক্ষীয়ে হাতে-লােটে ধৰা পেলালে এজন পৰীক্ষার্থী। ইয়াৰ পাছতে বিকানেৰ আৰু চিৰতাে আৰক্ষীৰ জালত পৰিল একে পদ্ধতিৰ অৱলম্বনৰে ৰীট পৰীক্ষাত নকল কৰিবলৈ যােৱা আন চাৰিজন পৰীক্ষার্থী।

এই ঘটনাৰ সন্দৰ্ভত ৰতনলাল ভার্গৱ নামৰ আৰক্ষীয়ে বিষয়াজনে সংবাদ মাধ্যমৰ আগত এইদৰে কয়, ‘ছেণ্ডেলৰ ছ’লৰ মাজত ফোন আৰু ‘ব্লুটুথ ডিভাইচ ভৰাই লৈ পৰীক্ষা দিবলৈ আহিছিল উক্ত পৰীক্ষার্থীকেইজন।

তেওঁলােকৰ কাণত আছিল এটা ক্ষুদ্র যন্ত্র। পৰীক্ষা কেন্দ্ৰৰ বাহিৰৰ পৰা কোনাে ব্যক্তিয়ে তেওঁলােকক নকল কৰি উত্তৰ লিখাৰ বাবে এইদৰে অত্যাধুনিক প্রযুক্তি ব্যৱহাৰৰে সহায় কৰিছিল।

‘আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, অতি বুদ্ধিমান লােকে এইদৰে পৰীক্ষাগৃহত নকল কৰাৰ বাবে এই ছেণ্ডেল তৈয়াৰ কৰিছিল। আৰক্ষীয়ে লগতে জানিব পাৰিছে যে প্রায় দুই লাখ টকাৰ বিনিময়ত পৰীক্ষার্থীসকলক এটা চক্রই এইদৰে ‘নকলকাৰী ছেলে’ বিক্রী কৰিছিল।

একাংশ পৰীক্ষাৰ্থীয়ে আঢ়ৈ-তিনি লাখ টকা ব্যয় কৰিও এনে ছেলে ক্রয় কৰিছিল। ছেণ্ডেল বিক্ৰী কৰা চক্ৰটোৱে কমেও ৫০ জন পৰীক্ষাৰ্থীক এইদৰে ‘নকলকাৰী ছেণ্ডেল’ বিক্ৰী কৰি কে’বা কোটি টকা সংগ্রহ কৰিছিল।

কিন্তু ৰীট পৰীক্ষা চলি থকাৰ সময়ত কিদৰে এই নকলকাৰী চক্ৰটোক আৰক্ষীয়ে ধৰা পেলালে ? এই সন্দৰ্ভত আজমেৰৰ আৰক্ষী বিষয়া জগদীশ চন্দ্র শর্মাই কয়,’ছেণ্ডেলৰ ভিতৰত ‘ব্লুটুথ’ থকা এজন ব্যক্তিক আমি পৰীক্ষাৰ আৰম্ভণিতে গ্রেপ্তাৰ
কৰিছিলাে।

ধৃত ব্যক্তিজনৰ জৰিয়তে আমি জানিব পাৰিছিলাে যে যিসকল ব্যক্তিয়ে পৰীক্ষাত এইদৰে নকল কৰিছিল তেওঁলােকৰ স’তে উক্ত ব্যক্তিৰ যােগাযােগ আছে। ইয়াৰ পাছতে বিষয়টোৰ সন্দৰ্ভত সকলাে জিলাৰ আৰক্ষীক অৱগত কৰােৱা হৈছিল। আৰক্ষীয়ে পৰীক্ষা কেন্দ্রসমূহক নকল কৰাৰ এই অভিনৱ পদ্ধতিৰ কথা জনােৱাৰ পাছত পৰীক্ষা কেন্দ্ৰত জোতা-ছেলে পৰিধান কৰি পৰীক্ষাৰ্থীক প্ৰৱেশত বাধা আৰােপ কৰা হৈছিল।’

ৰাজস্থানত চৰকাৰী বিদ্যালয়ত শিক্ষকতা কৰাৰ বাবে প্রার্থীয়ে ৰীট’ পৰীক্ষাত উত্তীর্ণ হ’ব লাগে। ৩১ হেজাৰ শিক্ষকৰ পদৰ বাবে এইবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছিল প্রায় ১৬ লাখ পৰীক্ষার্থী। এই পৰীক্ষাতে আৰক্ষীৰ জালত পৰিল ‘নকলকাৰী ছেলে’ পৰিধানৰে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ যােৱা অসৎ পৰীক্ষার্থী পাঁচজন। ঘটনাৰ সন্দৰ্ভত ৰাজস্থান আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Exit mobile version