South Korea–United States relation : আমেৰিকা-দক্ষিণ কোৰিয়াৰ উদ্বেগ বৃদ্ধিৰে পুনৰ ক্ষেপণাস্ত্ৰ নিক্ষেপ কীমৰ

2021 06 23T061905Z 2093554701 RC266O97VK9P RTRMADP 3 NORTHKOREA CURRENCY 1624852298100 1624852313499

কৰ’নাই অর্থনীতি বিধ্বস্ত কৰিলেও যুদ্ধাস্ত্র তৈয়াৰত থমকি ৰােৱা নাই উত্তৰ কোৰিয়াই। কমিউনিষ্ট শাসক কীম জং উনৰ দেশখনে আকৌ এবাৰ নিষেধাজ্ঞা সত্ত্বেও পৰীক্ষণ সম্পন্ন কৰিলে ক্ষেপণাস্ত্রৰ।

কি ক্ষেপণাস্ত্ৰৰ দেশখনে পৰীক্ষা কৰিলে সেয়া এতিয়াও স্পষ্ট হােৱা নাই যদিও প্রতিবেশী দক্ষিণ কোৰিয়াৰ অনুমান অনুসৰি আকৌ এবাৰ বেলিষ্টিক ক্ষেপণাস্ত্র উৎক্ষেপণ কৰিলে উত্তৰ কোৰিয়াই।

দক্ষিণ কোৰিয়াৰ সেনাবাহিনীয়ে মঙলবাৰে এই কথা প্রকাশ কৰি জনােৱা অনুসৰি, উত্তৰ কোৰিয়াৰ জাপাং প্রদেশৰ পৰা নিক্ষেপ কৰা হৈছিল হ্রস্ব দূৰত্বভেদী ক্ষমতাসম্পন্ন উক্ত বিশেষ ক্ষেপণাস্ত্র।

মঙলবাৰে পুৱাতে উত্তৰ কোৰিয়াই নিক্ষেপ কৰা এই ক্ষেপণাস্ত্র মাজ সমুদ্রত পৰিছিল। ইফালে, জাপানৰ প্ৰতিৰক্ষা মন্ত্রণালয়ে দাবী কৰা অনুসৰি, উত্তৰ কোৰিয়াই মঙলবাৰে পৰীক্ষণ কৰা ক্ষেপণাস্ত্ৰটো বেলিষ্টিক ক্ষেপণাস্ত্র আছিল। কিছুদিন পূর্বে উত্তৰ কোৰিয়াই ৰেলৰ পৰাই বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষণৰে বিশ্বক চমক দিছিল।

Exit mobile version