Unemployment : হ্ৰাস পাইছে জীৱিকা : কেন্দ্ৰৰ প্ৰতিবেদনতে উদ্বেগজনক তথ্য

unemployment in india

কৰ’না অতিমাৰীয়ে দেশজুৰি কিদৰে মানুহৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে সেয়া কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিবেদনত স্পষ্ট হৈছে । দেশৰ শ্ৰম আৰু নিয়োগ মন্ত্ৰণালয়ে প্ৰকাশ কৰা প্ৰতিবেদনে উদঙাই দিয়া অতি উদ্বেগজনক তথ্য অনুসৰি বিগত এপ্ৰিলত সমগ্ৰ দেশজুৰি নিৰ্মাণ, উৎপাদন, তথ্য প্ৰযুক্তিসহ দেশৰ নটা গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কামৰ স’তে জড়িত আছিল ৩.০৮ কোটি মানুহে । অৱশ্যে এই খণ্ডত কৃষি অন্তৰ্ভুক্ত হোৱা নাই । ২০১৩-১৪ বিত্তীয় বৰ্ষৰ প্ৰতিবেদন অনুসৰি এই খণ্ডসমূহত জড়িত আছিল ২.৩৭ কোটি লোক । ২০২০-২১লৈ সাত বছৰত এই ক্ষেত্ৰসমূহৰ কাম বৃদ্ধি পাইছে মুঠ ২৯ শতাংশ । বছৰ হিচাপে প্ৰায় চাৰি শতাংশ আৰু সংখ্যাৰ নিৰিখত ৭১ লাখ ।

সম্প্ৰতি প্ৰকাশিত কেন্দ্ৰীয় চৰকাৰৰ তথ্য অনুসৰি প্ৰতি বছৰে নিয়োগ ক্ষেত্ৰত ভৰি থৈছে হেজাৰ হেজাৰ সংস্থাপনপ্ৰত্যাশীয়ে । তাৰ তুলনাত নতুন কৰ্মসংস্থাপন সৃষ্টি একেবাৰে সামান্য । অৰ্থাৎ প্ৰতি বছৰে সৃষ্টি হোৱা জীৱিকাসন্ধানীৰ তুলনাত নতুন নিয়োগ সৃষ্টিৰ হাৰ যৎসামান্য । বিশেষকৈ মহিলাসকলৰ অংশগ্ৰহণৰ হাৰ হ্ৰাস পোৱাত উদ্বেগ বাঢ়িছে । প্ৰতিবেদন অনুযায়ী এই হাৰ ২৯ শতাংশ। এই তথ্য‌ই দাঙি ধৰিছে যে অতিমাৰীৰ বিৰূপ প্ৰভাৱ মহিলাসকলৰ ওপৰত অধিক পৰিছে । অৱশ্যে কেন্দ্ৰীয় চৰকাৰে দাবী কৰে যে ২৫ মাৰ্চৰ পৰা ৩০ জুন পৰ্যন্ত সমীক্ষা চলোৱাকালীন তলাবন্ধ আছিল । ফলত বিভিন্ন খণ্ডত কৰ্মসংস্থাপন বাধাপ্ৰাপ্ত হোৱাটোৱে স্বাভাৱিক ।

যিসমূহ সংস্থাত সমীক্ষা চলোৱা হৈছে, সেইসমূহৰ ২৭ শতাংশৰ ওপৰত অতিমাৰীৰ প্ৰভাৱ পৰিছে । অৱশ্যে আশাৰ বতৰা এয়ে যে এই দুৰ্যোগপূৰ্ণ পৰিস্থিতিৰ মাজতো ৮১ শতাংশ কৰ্মচাৰীয়ে সম্পূৰ্ণ দৰমহা লাভ কৰিছে । তদুপৰি তথ্য-প্ৰযুক্তি, স্বাস্থ্য, পৰিবহণ, বিত্তীয় পৰিসেৱাৰ দৰে কে’বাটাও খণ্ডত কৰ্মসংস্থাপন উল্লেখযোগ্য হাৰত বৃদ্ধি পাইছে । অৱশ্যে সচেতন মহলৰ বক্তব্য অনুসৰি অতিমাৰীৰ পূৰ্বে কামৰ অৱস্থা যদি প্ৰকৃতাৰ্থত তজবজীয়া হ’লহেঁতেন, তেন্তে অতিমৰীৰ পাছৰ ছবিখন ইমান হতাশজনক নহ’লহেঁতেন । বাণিজ্য আৰু হোটেল-ৰেস্তোৰাঁৰ দৰে ক্ষেত্ৰত কৰ্মসংস্থাপন পোনপটীয়াকৈ হ্ৰাস পাইছে ।

ক্ষমতালৈ অহাৰ পূৰ্বে বছৰত দু‌ই কোটি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল তেতিয়া প্ৰধানমন্ত্ৰীৰ পদপ্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে । বিৰোধীৰ অভি অনুসৰি মোদী ক্ষমতালৈ অহাৰ পাছত কৰ্মক্ষেত্ৰত সতেজতা তথ্যৰ পৰিৱৰ্তে স্থবিৰতাহে বাঢ়ে । ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাষ্ট্ৰীয় পৰিসংখ্যা বিভাগ (এন এছ অ’)ৰ ফাদিল হোৱা তথ্য অনুসৰি ২০১৭-১৮ বিত্তীয় বৰ্ষত সমগ্ৰ দেশত নিবনুৱাৰ হাৰ হৈছিল ৬.১ শতাংশ । এই পৰিসংখ্যা আছিল চাৰে ১০ বছৰৰ সৰ্বোচ্চ । সেই সময়ত মোদী চৰকাৰে এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য বুলি দাবী কৰিছিল । নিৰ্বাচনৰ পাছতে চৰকাৰীভাৱে এই তথ্য প্ৰকাশ হোৱাত দেখা গ’ল যে দেশত নিবনুৱাৰ পৰিসংখ্যাৰ বিষয়টো সত্য ।

ইয়াৰ পাছত এন এছ এৰ প্ৰকাশিত সকলোবোৰ প্ৰতিবেদনত কৰ্মক্ষেত্ৰৰ মিলিয়ন ছবিখনে ফুটি উঠিছে । অৱশ্যে নিৰ্দিষ্ট সময়ৰ বিৰতিত এই প্ৰতিবেদন নিয়মিত প্ৰকাশ পোৱা নাই । অৱশ্যে কৰ্মসংস্থাপনৰ পৰিস্থিতি কিমান শোচনীয় সেয়া বেচৰকাৰী পৰামৰ্শদাতা সংস্থা চি এম আই ইৰ প্ৰতিবেদনত একাধিকবাৰ স্পষ্ট হৈছে । এই সংস্থাৰ আগষ্টৰ প্ৰতিবেদনত প্ৰকাশ যে বিগত মাহত সমগ্ৰ দেশতে নিবনুৱাৰ হাৰ আছিল ৮.৩২ শতাংশ । চহৰত ৯.৭৮ শতাংশ আৰু গ্ৰামাঞ্চলত ৭.৬৪ শতাংশ । ২০১৭-১৮ বিত্তীয় বৰ্ষতকৈও এই পৰিস্থিতিত ঋ ভয়ংকৰ ।

পূৰ্বতে প্ৰতি বছৰে এই বিত্তীয় সূচাংকৰ পৰিসংখ্যা প্ৰকাশ পাইছিল । ২০১৩-১৪ত ষষ্ঠ বিত্তীয় প্ৰতিবেদন প্ৰকাশ পাইছিল । অৱশ্যে পাছত এই কৰ্মসূচী বন্ধ হয় । সম্প্ৰতি কামৰ অৱস্থা আৰু বিভিন্ন ক্ষেত্ৰৰ পৰিস্থিতিৰ তথ্য সংগ্ৰহৰ বাবে সৰ্ব্বভাৰতীয় স্তৰত মুঠ পাঁচটা সমীক্ষা আৰম্ভ কৰিছিল শ্ৰম মন্ত্ৰণালয়ে । ২০১৩-১৪ বিত্তীয় বৰ্ষ এই ক্ষেত্ৰত ভিত্তি বৰ্ষ হিচাপে লোৱা হৈছে ।

Exit mobile version