কীমৰ অনুপস্থিতিত পুনৰ হাইপাৰছ’নিক ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ উত্তৰ কোৰিয়াৰ

article 61546df8c64cd1 10292544

উত্তৰ কোৰিয়াই জগংগ প্রদেশত এটা নতুনকৈ তৈয়াৰ কৰা হাইপাৰছ’নিক ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰিলে। প্রকাশিত বাতৰি অনুসৰি, শেহতীয়াভাৱে কীম জং উনৰ দেশখনে পৰীক্ষা সম্পন্ন কৰা এই হাইপাৰছ’নিক ক্ষেপণাস্ত্ৰটো পাৰমাণৱিক ক্ষমতাসমৃদ্ধ আছিল।

অলপতে প্ৰতিৰক্ষা বিজ্ঞান একাডেমীত এই ক্ষেপণাস্ত্ৰটো তৈয়াৰ কৰা হৈছিল। দক্ষিণ কোৰিয়াৰ প্ৰতিৰক্ষা বিভাগে প্রকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াই দেশখনৰ পূর্ব উপকূলত সমুদ্রৰ দিশলৈ ক্ষেপণাস্ত্ৰটো নিক্ষেপ কৰিছিল।

ইফালে, উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, এই ক্ষেপণাস্ত্ৰটো হৈছে দেশখনৰ বাবে এক ৰণনীতিক হাতিয়াৰ।

উল্লেখ্য যে যি সময়ত উত্তৰ কোৰিয়াই এই ক্ষেপণাস্ত্ৰটোৰ পৰীক্ষণ চলাইছিল, সেই সময়ত উক্ত স্থানত উত্তৰ কোৰিয়াৰ শাসক কীম উপস্থিত নাছিল।

উত্তৰ কোৰিয়াই চলিত মাহত তৃতীয়বাৰৰ বাবে ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ সম্পন্ন কৰিলে। মঙলবাৰেও দেশখনে সমুদ্ৰত এটা বেলিষ্টিক ক্ষেপণাস্ত্ৰৰ সফলতাৰে পৰীক্ষা চলাইছিল।

Exit mobile version