ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি আজি গোসাইগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা মটৰ চাইকেল সমদল উলিওৱা হয় ৷ গোসাইগাঁও বি এড মহাবিদ্যালয়ৰ উদ্যোগত বি এড কলেজ প্ৰাংগণৰ পৰা উলিওৱা সমদলটো উদ্বোধন কৰে গোসাইগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুমুদ ৰঞ্জন বসুমতাৰীয়ে ৷
মহকুমাখনৰ জাৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈকে উলিওৱা সমদলত বি এড মহাবিদ্যালয়ৰ অধক্ষ্য অজিত বড়োৰ লগতে শিক্ষক তথা কাৰ্যালয়ৰ কৰ্মীসকল অংশগ্ৰহণ কৰে ৷ সমদলত অংশগ্ৰহণকাৰী সকলে নিচাই ধংস কৰে, নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰত থাকক, লাভ ইয়ৰছেল্ফ আদি শ্লোগান লিখা বেনাৰ মটৰ চাইকেলত আঁৰি সমদলত অংশগ্ৰহণ কৰে ৷ সমদলটো জাৰাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হোৱাৰ পাছত এটি সজাগতা সভাৰ আয়োজন কৰে ।