মহিলাৰ বাবে কাবুল বিশ্ববিদ্যালয়ৰ দুৱাৰ বন্ধ

Afghan women sept26202109260646092021092608392620210928101523

আফগানিস্তানৰ সর্ববৃহৎ বিশ্ববিদ্যালয়ত যুৱতীৰ প্ৰৱেশ নিষিদ্ধ কৰিলে তালিবানে। কেৱল ছাত্রীয়ে নহয়, শিক্ষয়িত্রী বা আন মহিলা কর্মীয়েও কাবুল বিশ্ববিদ্যালয়ত প্রৱেশ কৰিব নােৱাৰিব ।

বুধবাৰে এই নির্দেশনা জাৰি কৰিলে কাবুল বিশ্ববিদ্যালয়ৰ নৱ নিযুক্ত উপাচার্য আশ্রফ গৈৰাটকে।উপাচার্যই নিদের্শনাটোত এইদৰে উল্লেখ কৰিছে, ‘যেতিয়ালৈকে দেশত ইছলামিক পৰিৱেশ এটা গঢ় লৈ নুঠে, তেতিয়ালৈকে বিশ্ববিদ্যালয়ৰ উপাচার্য হিচাপে আমি মহিলাক ইয়াত প্রৱেশ কৰিব দিব নােৱাৰাে।

সর্বপ্রথম ইছলাম, তাৰ পাছতহে আন কথা। ‘উল্লেখ্য যে কিছুদিন পূর্বে তালিবানে বিশিষ্ট শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক উপাচার্য পদৰ পৰা অব্যাহতি দি তালিবান সমর্থক স্নাতক ডিগ্রীধাৰী গৈৰাটক কাবুল বিশ্ববিদ্যালয়ৰ উপাচার্য নিয়ােগ কৰিছিল।

উপাচার্যৰ দায়িত্ব লােৱাৰ পাছতে গৈৰাটকে বিশ্ববিদ্যালয়খনত ছাত্রীৰ লগতে মহিলা শিক্ষক-কর্মচাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা আৰােপ কৰিলে। উল্লেখ্য যে উচ্চ শিক্ষিত শিক্ষাবিদ মহম্মদ ওছমান বাবুৰিক উপাচার্যৰ পদৰ পৰা অপসাৰণৰ পাছতে তালিবানৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদ সাব্যস্ত কৰি কাবুল বিশ্ববিদ্যালয়ৰ ৮০ জন শিক্ষকে পদত্যাগ কৰিছিল।

বিতর্কিত মন্তব্য প্রকাশ কৰাৰ বাবে আফগানিস্তানৰ প্রগতিশীল শিক্ষিত মহলে নৱনিযুক্ত উপাচার্য গৈৰাটক পছন্দ নকৰে। এইজন গৈৰাটকে কিছুদিন পূর্বে বালিকা বিদ্যালয়ৰ প্ৰসংগত প্রতিক্রিয়া প্রকাশ কৰি কৈছিল যে সেইসমূহ হৈছে যৌনদাসী তৈয়াৰ কৰাৰ কাৰখানা।

এই ধৰণৰ প্রতিক্রিয়াশীল মন্তব্য প্রকাশ কৰি আহিলেও কাবুল বিশ্ববিদ্যালয়ৰ সন্দৰ্ভত নৱনিযুক্ত উপাচার্যই এনে হঠকাৰী সিদ্ধান্ত ল’ব বুলি কোনেও ভবা নাছিল। স্মর্তব্য যে ১৯৯৬ৰ পৰা ২০০১ৰ সময়ছােৱাতাে শ্বৰীয়ত আইনৰ দোহাই দি তালিবানে আফগান মহিলাসকলক প্রায় গৃহবন্দী কৰি ৰাখিছিল।

যদিও এইবাৰ কাবুল দখলৰ পাছত তালিবানৰ মুখপাত্র জবিউল্লা মুজাহিদে একাধিকবাৰ দাবী কৰিছিল যে পূর্বৰ দৰে তালিবান যুগৰ পুনৰাবৃত্তি ঘটোৱা নহ’ব, কিন্তু বাস্তৱত তালিবানে পূর্বৰ দৰে বৰ্বৰতা প্রদর্শনৰ লগতে হঠকাৰী সিদ্ধান্ত গ্রহণ কৰাটো বিশ্ববাসীৰ প্রত্যক্ষ হৈছে।

আফগান যুৱতীক উচ্চ শিক্ষাৰ পৰা বঞ্চিত কৰাৰ সিদ্ধান্ত লােৱাৰ লগতে তালিবানৰ আমােলত বর্তমানে আফগানিস্তানত পুনৰ মহিলাৰ নিপীড়নৰ ঘটনাৰ পৰা শিশু হত্যালৈকে ভয়াৱহ কাণ্ড তালিবানে অবাধে সংঘটিত কৰিছে।

আফগানিস্তানৰ ৰেজিষ্টেন্স ফচৰ সদস্য এজনৰ পুত্ৰক তালিবানে নৃশংসভাৱে গুলীয়াই হত্যা কৰিলে। পিতৃয়ে চৰকাৰী সেনাবাহিনীত কাম কৰাৰ কাৰণতে তালিবানে নিৰীহ শিশুটিক এইদৰে টখৰ প্ৰদেশত হত্যা কৰে।

দুদিন পূর্বে দক্ষিণ হেলমণ্ড প্রদেশতাে তালিবানে ক্ষৌৰকাৰসকলক নির্দেশনা দি দাঢ়ি বন্ধ কৰিবলৈ ধমক দিছিল। তালিবানে ইতিমধ্যে ঘােষণা কৰি কৈছে যে শ্বৰীয়ত অনুসৰি মুছলমান পুৰুষে দাঢ়ি কটাটো নিষিদ্ধ।

কাবুল দখলৰ পাছত তালিবানৰ মুখপাত্রই আফগানিস্তানত প্রথমে ঘােষণা কৰি কৈছিল যে বিশ্ববিদ্যালয়ত ছাত্র-ছাত্রীয়ে একেলগে শিক্ষাগ্রহণ কৰিব পাৰিব যদিও তেওঁলােকে শ্ৰেণীকোঠাত পৃথককৈ বহিব লাগিব।

ইয়াৰ কিছুদিন পাছত নতুন নিদের্শনা জাৰি কৰি তালিবানে কয় যে আফগানিস্তানত সহশিক্ষাৰ অনুমতি দিয়া নহ’ব। ছাত্র আৰু ছাত্ৰীয়ে পৃথকভাৱে শ্ৰেণীত পাঠ গ্ৰহণ কৰিব পাৰিব বুলি তালিবানে ঘােষণা কৰিছিল।

এইবাৰ কাবুল বিশ্ববিদ্যালয়ৰ উপাচার্যৰ দায়িত্ব গ্রহণ কৰি বিশ্ববিদ্যালয়খনৰ দুৱাৰ ছাত্ৰীৰ লগতে সকলাে মহিলা শিক্ষক-কর্মচাৰীৰ বাবে বন্ধ ঘােষণা কৰিলে তালিবানপন্থী আশ্রফ গৈৰাটকে।

Exit mobile version