ৰক্তবৰ্ণৰ দেৱীক পূজিবলৈ প্ৰস্তুতি দৰঙী ৰাজপৰিয়ালৰ

durga 1568460549

ৰাজ্যৰ এখন অন্যতম আৰু ব্যতিক্ৰমী দুৰ্গাপূজা বুলি পৰিগণিত দৰঙী কোচ ৰজাৰ ৰাজহাউলিত এইবেলিও ৰাজপৰিয়ালৰ সতি-সন্ততিসকলে অহা ১১-১৫ অক্টোবৰলৈ উদ্‌যাপনৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে ৷ বিশাল ৰজাহউলিৰ সদস্য কুমাৰ দীনেন্দ্ৰ নাৰায়ণ দেৱ আৰু বীণা হাজৰিকা দেৱীয়ে জনোৱা মতে, মহাষষ্ঠীত বেলবোধনেৰে আৰম্ভ কৰি মহাদশমীত অপৰাজিতা পূজাৰে দেৱীপূজা সমাপন কৰি শক্তিৰ অধিষ্ঠাত্ৰী মা দুৰ্গাৰ বিসৰ্জন দিয়া হ’ব ৷

দেৱীৰ পাদপদ্মত অঞ্জলি দিবলৈ নিৰ্মাণ হৈ আছে ৰক্তবৰ্ণা দেৱী দুৰ্গাৰ মৃন্ময় মূৰ্তি ৷ যাগ-যজ্ঞ আৰু বলি-বিধানৰ বাবে পঠা, হাঁহ, পাৰ, মাগুৰ মাছ, কচু, কোমোৰা, শস্য আদিৰ যোগাৰ কৰা হৈছে ৷

উল্লেখ্য যে পাঁচশ বছৰীয়া ইতিহাস প্ৰসিদ্ধ এই ৰাজকীয় শক্তি পূজাভাগ আধুনিক কৃত্ৰিমতা, জাকজমকতা আৰু বাহ্যিকতাৰ পৰিৱৰ্তে প্ৰাচীন আধ্যাত্মিক পৰম্পৰাৰেই উদ্‌যাপন হ’ব ৷ পৰম্পৰা অনুসৰিয়েই দেৱীৰ মুখমণ্ডলসহ সৰ্বশৰীৰ হ’ব ৰঙা বৰণৰ ৷

দৰং ৰাজ্যৰ প্ৰতিষ্ঠাতা ৰজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত জন্মলাভ কৰা সুকনানী ওজাপালি, বিদগ্ধ পণ্ডিতৰ দ্বাৰা পূজা অৰ্চনা এই পূজাৰ অবিচ্ছেদ্য অংগ ৷ মহাদশমীত ৰাজহাউলি (আতা ৰজাহাউলি)ৰ কাষেৰে চিৰপ্ৰৱাহমান মঙলদৈ নদীৰ “কুঁৱৰীঘাট”ত বিসৰ্জন দিয়া হ’ব বুলি কয় তেওঁলোকে ৷ একেদৰে, দৰঙী ৰাজহাউলিৰ আন দুখন ক্ৰমে গাখীৰখোৱা হাউলি আৰু মোহনপুৰ হাউলিতো মহাবীৰ চিলাৰায়ৰ পৰিনাতিসকলে দেৱীপূজনৰ বাবে পূৰ্ণ প্ৰস্তুতি চলাইছে ৷ অৱশ্যে কৰ’না মহামাৰীৰ পৰিপ্ৰেক্ষিতত পালনীয় সকলো নীতি-নিয়ম অক্ষুণ্ণ থাকিব বুলি কয় অধিবক্তা কুমাৰ ধৰ্মেন্দ্ৰ নাৰায়ণ দেৱে ৷

Exit mobile version