Amarinder Singh : কংগ্ৰেছ ত্যাগ কৰিছো, কিন্তু বিজেপিটো যোগ নিদো : অমৰিন্দৰ সিং

1e168c3c 195b 11ec 8290 f3054f4a954c 1632927632943 1632927655504

বুধবাৰে অমিত শ্বাহৰ স’তে তেওঁৰ সাক্ষাতৰ পাছতেই বিজেপি-ত যোগ দিয়াৰ জল্পনা আৰম্ভ হয় । বৃহস্পতিবাৰে পুৱা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ গৃহত পঞ্জাৱৰ প্রাক্তন মুখ্যমন্ত্রী অমৰিন্দৰ সিঙৰ আগমনৰ পাছত সেই জল্পনা আৰু দৃঢ় হয় । কিন্তু পৰৱৰ্তী সময়ত অমৰিন্দৰে জনায় তেওঁ বিজেপি-ত যোগ নিদিয়ে । এই সম্পৰ্কত সংবাদমাধ্যমক দিয়া এক সাক্ষাৎকাৰত তেওঁ স্পষ্টভাৱে ঘোষণা কৰে, ‘‘ম‌ই কংগ্রেছত নাথাকো ।’’

যোৱা ১৮ ছেপ্টেম্বৰত চণ্ডীগড়ৰ ৰাজভৱনত ৰাজ্যপাল বানোৱাৰিলাল পুৰোহিতক পদত্যাগ পত্ৰ দিয়াৰ পাছতেই ‘বিকল্প পথৰ’ কথা কৈ কংগ্রেছ ত্যাগ কৰাৰ ইংগিত দিছিল পঞ্জাৱ ৰাজনীতিৰ ‘কেপ্টেইনে’ । ইয়াৰ পূৰ্বে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক জনাইছিল, তেওঁ আৰু অপমান সহ্য কৰি দলত থাকিব নিবিচাৰে । বৃহস্পতিবাৰে তেওঁ কয়, ‘‘ম‌ই এতিয়াও কংগ্রেছত আছো । কিন্তু আৰু নাথাকো । ইতিমধ্যে সেই সিদ্ধান্ত স্পষ্টভাৱে জনাইছো ।’’

কিয় এই সিদ্ধান্ত ? অমৰিন্দৰৰ উত্তৰ, “ম‌ই ৫২ বছৰ ধৰি ৰাজনীতি কৰিছো । মোৰ নীতি আৰু আদর্শবোধ আছে । মোৰ লগত যি আচৰণ কৰা হৈছে সেয়া মানি লোৱা সম্ভৱ নহয় । পুৱা ১০.৩০ বজাত কংগ্রেছ সভাপতিয়ে কয়, ‘আপুনি পদত্যাগ কৰক’ । মই একো প্রশ্ন কৰা নাই, কৈছিলো, এতিয়াই পদত্যাগ পত্ৰ দিম । বিয়লি চাৰি বজাত ম‌ই ৰাজ্যপালৰ সন্মুখত পদত্যাগ কৰিলো । যদি আপুনি ৫০ বছৰ পাছত মোক সন্দেহ কৰে আৰু মোৰ বিশ্বাসযোগ্যতা প্রশ্নৰ মুখত থাকে, তেনেহ’লে ম‌ই দলত থকাৰ কি প্রয়োজন !’’

অমৰিন্দৰৰ দাবী, দিল্লীত শ্বাহৰ স’তে বৈঠকতো তেওঁ জনাইছে যে, কোনো কাৰণতেই বিজেপি-ত যোগ নিদিয়ে । লগতে, পঞ্জাৱ প্রদেশ কংগ্রেছ সভাপতিৰ পদৰ পৰা নভজোৎ সিং সিদ্ধুৰ প্ৰত্যাহাৰ প্রসংগত কয়, ‘‘তেওঁ এজন অপৰিণত ৰাজনীতিক । নিঃসংগ ক্রীড়াবিদ । নিৰ্বাচনত দলক পৰিচালনা কৰাৰ ক্ষমতা তেওঁৰ নাই ।’’

তাৎপর্যপূর্ণভাৱে বৃহস্পতিবাৰে অমৰিন্দৰৰ স’তে বৈঠকৰ পাছতেই শ্বাহৰ স’তে দেখা কৰে ডোভালে । ইয়াৰ পাছতেই জল্পনা আৰম্ভ হয় পাকিস্তান সীমান্তৱর্তী পঞ্জাৱৰ প্রাক্তন মুখ্যমন্ত্রী নিৰাপত্তা সংক্রান্ত কিছু গুৰুত্বপূর্ণ তথ্য দিছে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক । অৱশ্যে অমৰিন্দৰে ডোভালৰ স’তে হোৱা সাক্ষাতৰ বিষয়ে একো জনোৱা নাই ।

৮০ৰ দশকত অমৃতস্বৰৰ স্বর্ণমন্দিৰত সেনা অভিযানৰ প্রতিবাদত কংগ্রেছ ত্যাগ কৰিছিল পাটিয়ালাৰ ৰাজ পৰিয়ালৰ সন্তান তথা প্রাক্তন সেনা বিষয়া অমৰিন্দৰে । তাৰ পাছত তেওঁ যোগ দিছিল শিৰোমণি অকালি দলত । কিছু বছৰৰ পাছত তেওঁ পুনৰ কংগ্রেছত উভতিছিল । এইবাৰ সিদ্ধুৰ স’তে মতবিৰোধৰ বাবে মুখ্যমন্ত্রিত্ব হেৰুৱাবলগীয়া হয় অমৰিন্দৰে । আগন্তুক বৰ্ষৰ ফেব্রুৱাৰী-মার্চত পঞ্জাৱত বিধানসভা নিৰ্বাচন অনুস্থিত হ’ব । অমৰিন্দৰে দল ত‌্যাগ কৰাত কংগ্রেছৰ বৃহৎ ক্ষতি হ’ব পাৰে বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ একাংশ‌ই ধাৰণা কৰিছে ।

Exit mobile version