Chhattisgarh Congress : পঞ্জাৱৰ পাছত এইবাৰ ছত্তীছগঢ়, ডজনৰো অধিক ক্ষুব্ধ কংগ্ৰেছ বিধায়ক উপস্থিত দিল্লীত

পঞ্জাৱত কংগ্রেছৰ সমস্যা সমাধান নৌহওঁতেই এইবাৰ ছত্তীছগঢ়ত নতুন সমস্যা । ১২ জনৰো অধিক কংগ্রেছ বিধায়ক উপস্থিত হ’ল দিল্লীত । ছত্তীছগঢ়তো মুখ্যমন্ত্রী সলনি হ’ব নেকি ? এই জল্পনা অৱশ্যে ভুৱা আখ্যা দিছে ছত্তীছগঢ় কংগ্রেছে । মুখ্যমন্ত্রী ভূপেশ বাঘেলৰ সমর্থনতে তেওঁলোক দিল্লী গৈছে বুলি দাবী কংগ্রেছৰ ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধী ছত্তীছগঢ় ভ্ৰমণত আহিব । ৰাজ্যৰ প্ৰায় ১২ জন বিধায়কে বুধবাৰে দিল্লীত উপস্থিত হয় । তেওঁলোকে ৰাজ্যৰ দায়িত্বপ্রাপ্ত নেতা পি এল পুনিয়াৰ স’তে দেখা কৰিব । কংগ্রেছ নেতাসকলৰ দাবী, ৰাহুলৰ আসন্ন ভ্ৰমণ সম্পৰ্কে আলোচনা কৰিবলৈয়ে দিল্লী আহিছে বিধায়কসকল । কিন্তু প্রশ্ন উত্থাপন হৈছে, ৰাহুলৰ ভ্ৰমণ সম্পৰ্কে আলোচনা কৰিবলৈ ইমানজন বিধায়ক কিয় একলগে দিল্লী আহিছে ?

এই পৰিপ্রেক্ষিততেই উত্থাপন হৈছে নতুন এক সমস্যাৰ কথা । মুখ্যমন্ত্রী পদত থকা আঢ়ৈ বছৰ হৈছে ভূপেশ বাঘেলৰ । ৰাজ্যৰ স্বাস্থ্যমন্ত্রী টিএছ সিং দেওৱে দাবী কৰিছে, ২০১৮ ত কংগ্রেছ হাইকমাণ্ডে জনাইছিল, বাঘেলে প্রথম আঢ়ৈ বছৰ মুখ্যমন্ত্রী পদত থাকিব । তাৰ পাছত মুখ্যমন্ত্রী পদত অধিস্থিত হ’ব সিং দেও । সেয়ে কংগ্রেছ বিধায়কসকলে দল বেন্ধী দিল্লী গৈছে নেকি ? সম্পূৰ্ণ বিষয়টোৱে অৱশ্যে এতিয়া জল্পনাৰ স্তৰত আছে ।

Exit mobile version