Delhi Restaurant : শাড়ী পৰিধান কৰা মহিলাক সোমোৱাত বাধা দিয়া দিল্লীৰ ৰেস্তোৰাঁক বন্ধৰ নির্দেশ পৌৰনিগমৰ

download 1 1

এগৰাকী মহিলা গ্রাহকে শাড়ী পৰিধান কৰি অহাৰ বাবে তেওঁক দিল্লীৰ এখন ৰেস্তোৰাঁত সোমোৱাত বাধা দিয়া হৈছিল । ইয়াকে লৈ সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হয় । সেই ৰেস্তোৰাঁৰ কর্তৃপক্ষক সঠিক লাইছেন্স নোহোৱাকৈ ৰেস্তোৰাঁ চলোৱাৰ অভিযোগত জাননী প্ৰেৰণ কৰিলে দক্ষিণ দিল্লী পৌৰনিগমে । ৰেস্তোৰাঁ বন্ধ কৰাৰ নির্দেশো দিয়া হৈছে নিগমৰ তৰফৰ পৰা । পৌৰনিগমৰ সেই জাননী লাভ কৰাৰ পাছতে সেৱা বন্ধ কৰা হৈছে বুলি জনাইছে ৰেস্তোৰাঁ কর্তৃপক্ষ‌ই ।

পৌৰনিগমৰ এজন বিষয়াই জনাইছে, যোৱা ২১ ছেপ্টেম্বৰত সেই ৰেস্তোৰাঁত তালাচী অভিযান চলোৱা হৈছিল । তেতিয়া দেখা যায়, সঠিক লাইছেন্স নোহোৱাকৈয়ে ৰেস্তোৰাঁ চলাইছে কর্তৃপক্ষ‌ই । তদুপৰি, ৰেস্তোৰাঁৰ অস্বাস্থ্যকৰ পৰিৱেকশৰ বিষয়েও জাননীত উল্লেখ কৰা হৈছে ।

২৪ ছেপ্টেম্বৰত জাননী প্ৰেৰণ কৰা হয় ৰেস্তোৰাঁৰ স্বত্বাধিকাৰীক । ২৭ ছেপ্টেম্বৰত সেই জাননীৰ প্ৰত্যুত্তৰ দি ৰেস্তোৰাঁৰ স্বত্বাধিকাৰীয়ে কয়, “জাননী পোৱাৰ পাছতেই ব্যৱসায় বন্ধ কৰি দিয়া হৈছে । লগতে পৌৰনিগমক জনাইছো সঠিক লাইছেন্স আৰু স্বাস্থ্যকৰ পৰিৱেশৰ বিষয়টো ধ্যান দিয়া হ’ব ।”

বিগত সপ্তাহতেই এগৰাকী মহিলা গ্রাহকে অভিযোগ উত্থাপন কৰিছিল শাড়ী পৰিধান কৰি যোৱাৰ বাবে তেওঁক এই ৰেস্তোৰাঁত সোমোৱাৰ অনুমতি দিয়া নাছিল । তেওঁ এটা ভিডিঅ’ও শ্বেয়াৰ কৰিছিল । ইয়াকে লৈ সমগ্ৰ দেশত সমালোচনা আৰম্ভ হয় । ৰেস্তোৰাঁৰ কর্তৃপক্ষ‌য়ো সমালোচনাৰ সন্মুখীন হ’বলগীয়া হয় । যদিও ৰেস্তোৰাঁৰ কর্তৃপক্ষ্ই দাবী কৰিছিল যে ঘটনাটো ভুল ব্যাখ্যা কৰা হৈছে ।

Exit mobile version