Mouni Roy : বিবাহপাশত আৱদ্ধ হ’ব মৌনী ৰায়, পাত্ৰ কোন ?

miuni roy 1200

আগন্তুক জানুৱাৰীত বিবাহপাশত আৱদ্ধ হ’ব জনপ্ৰিয় অভিনেত্রী মৌনী ৰায় । কোচবিহাৰৰ মৌনীয়ে তেওঁৰ প্রেমিক সূর্য নাম্বিয়াৰৰ স’তে বিয়াত বহিব বিদেশৰ ভূমিত । বিয়াৰ অনুষ্ঠান হ’ব ডুবাইত নতুবা ইটালিত । অভিনেত্রীৰ ভাতৃ বিদ্যুৎ ৰায় সৰকাৰে সংবাদমাধ্যমক এই খবৰ জনাইছে ।

মৌনীৰ ঘনিষ্ঠ বান্ধৱী অভিনেত্রী মন্দিৰা বেদীৰ গৃহত সূর্য আৰু মৌনীৰ অভিভাৱকসকলে দেখা কৰে । তাতেই সিদ্ধান্ত লোৱা হয় যে, ডুবাই বা ইটালি— য’তেই বিয়া নহ‌ওক কিয়, কোচবিহাৰত নিজ বাসগৃহতো এটা অনুষ্ঠান আয়োজন কৰিব মৌনীয়ে ।

সূর্য‌ই ডুবাইত ব্যৱসায় কৰে । বেংগালুৰুৰ জৈন পৰিয়ালত জন্ম মৌনীৰ প্রেমিকৰ । ইপিনে, মৌনীৰ প্রয়াত পিতৃ অনিল ৰায় কোচবিহাৰ পৌৰসভাৰ উচ্চপদস্থ কর্মচাৰী আছিল । মাতৃ এগৰাকী অৱসৰপ্রাপ্ত শিক্ষয়িত্ৰী ।

জি ফাইভৰ ‘লণ্ডন কনফিডেন্সিয়েল’-ত শেষবাৰ অভিনয় কৰা দেখা গৈছিল মৌনীক । ৰণবীৰ কাপুৰ, আলিয়া ভট্ট, অমিতাভ বচ্চন অভিনীত ছবি ‘ব্রহ্মাস্ত্র’-তো দেখা যাব মৌনীক ।

Exit mobile version