Rupinder Pal Singh : টকিঅ’ত পদক জয় কৰি স্বপ্ন পূৰণ, অৱসৰ ল’লে ভাৰতীয় হকী দলৰ এইজন খেলুৱৈয়ে

rupinder pal singh 1

অলিম্পিকত ব্রঞ্জজয়ী দলৰ সদস্য ৰূপিন্দৰ পাল সিঙে টকিঅ’ৰ পৰা উভতাৰ কেইমাহমানৰ পাছতেই অৱসৰ গ্ৰহণ কৰিলে । ভাৰতীয় হকী দলৰ অন্যতম শ্ৰেষ্ঠ এই ড্র্যেগ ফ্লিকাৰে বৃহস্পতিবাৰে টুইটাৰত অৱসৰৰ সিদ্ধান্ত ঘোষণা কৰে ।

ৰূপিন্দৰে লিখে, ‘আজি ভাৰতীয় হকীৰ পৰা অৱসৰৰ সিদ্ধান্ত ল’লো । বিগত দুটা মাহ মোৰ জীৱনৰ আটাইতকৈ ভাল সময় আছিল । যিসকল সতীর্থৰ স’তে জীৱনৰ অসাধাৰণ কিছু অভিজ্ঞতা ভাগ কৰি লৈছো, তেওঁলোকৰ স’তে টকিঅ’ৰ পোডিয়ামত থিয় হোৱাৰ অভিজ্ঞতা জীৱনত কোনো দিনে পাহৰিব নোৱাৰিম ।’

ৰূপিন্দৰে লগতে কয়, ‘ম‌ই ভাবো তৰুণ প্ৰজন্ম আৰু প্রতিভাৱান খেলুৱৈসকলৰ বাবে স্থান এৰি দিয়া এইটোৱে সঠিক সময় । বিগত ১৩ বছৰে এই দলৰ যি আনন্দ উপভোগ কৰিছো, তাৰ স্বাদ এইবাৰ তেওঁলোকেও ল‌ওক ।’

টকিঅ’ অলিম্পিকত তিনিটা গুৰুত্বপূর্ণ গোল কৰিছিল ৰূপিন্দৰে । ভাৰতৰ হৈ তেওঁ মুঠ ২২৩টা মেচ খেলিছে । সম্প্রতি টকিঅ’ত পদক জয় কৰাৰ বাবে হৰিয়ানাৰ গৱর্নৰে পাঁচ লাখ টকা নগদ পুৰস্কাৰ দিছিল ৰূপিন্দৰক ।

Exit mobile version