আম্বানীতকৈ অধিক আয় আদানীৰ,দৈনিক উপাৰ্জন ১,০০২কোটি টকা

media handler

আদানী গ্রুপত স্বত্বাধিকাৰী গৌতম আদানী এছিয়াৰ দ্বিতীয়জন সবাতােকৈ ধনাঢ্য ব্যৱসায়ী হিচাপে স্বীকৃত হ’ল। বিগত এবছৰত আদানীয়ে দৈনিক গড়ে ১,০০২ কোটি টকা উপার্জন কৰিছিল।

বর্তমানৰ সময়ত আদানীৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে ৫,০৫,৯০০ কোটি টকা। এবছৰ পূর্বে এইজন ভাৰতীয় উদ্যোগপতিৰ সম্পত্তিৰ পৰিমাণ আছিল ১,৪০,২০০ কোটি টকা।

ভাৰতৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে পৰিচিত মুকেশ আম্বানীয়ে বিগত এবছৰত দৈনিক গড়ে উপার্জন কৰিছিল ১৬৩ কোটি টকা। অর্থাৎ আম্বানীৰ স’তে তুলনা কৰিলে আদানীয়ে বিগত এবছৰত দৈনিক ছগুণ অধিক ধন উপার্জন কৰিলে।

আম্বানীৰ বৰ্তমানৰ সম্পত্তিৰ পৰিমাণ হৈছে ৭.১৮ লাখ কোটি টকা। আই আই এফ এল বেলথ হুৰুণ ইণ্ডিয়াৰ ধনাঢ্যৰ ২০২১ৰ তালিকা অনুসৰি যােৱা এবছৰত আদানীয়ে সম্পত্তি প্রায় চাৰিগুণ বৃদ্ধি পালে।

৫৯ বছৰীয়া আদানীক এই তালিকাত এছিয়াৰ দ্বিতীয়জন ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃতি দিয়া হৈছে।

Exit mobile version