Arthur L. Herman : পাকিস্তানৰ স’তে সম্পৰ্ক ছিন্ন কৰক বিশ্বই : আহ্বান আমেৰিকাৰ

A7 ArthurHerman StephanieYuanForTheHoya

সময় অতিবাহিত হােৱাৰ লগে লগে সমগ্র বিশ্বৰ সন্মুখত পাকিস্তানৰ ভাবমূর্তি অধিক ম্লান হ’বলৈ ধৰিছে। দীর্ঘদিন ধৰি ফাইনেন্সিয়েল একচন টাস্ক ফ’র্চ (এফ এ টি এফ)ৰ ধূসৰ তালিকাতে আছে ইমৰান খানৰ দেশখন।

এনে পৰিস্থিতিতে এইবাৰ ইছলামাবাদৰ বিৰুদ্ধে গুৰুতৰ অভিযােগ উত্থাপন। কৰি মার্কিন বিশেষজ্ঞই সমগ্র বিশ্বক পাকিস্তানৰ স’তে সম্পর্ক বিচ্ছিন্ন কৰিবলৈ আহ্বান জনালে।

আর্থাৰ হেৰমেন নামৰ মার্কিন বিশেষজ্ঞজনে ‘দ্য হিল’ পত্রিকাত এইদৰে দাবী জনাই পাকিস্তানৰ স’তে বিশ্বৰ আন দেশসমূহক সম্পর্ক নাৰাখিবলৈ পৰামর্শ দিয়ে।

২০২০ বৰ্ষৰ পৰা পাকিস্তানক বৃহৎ পৰিমাণৰ বিত্তীয় সাহায্য আমেৰিকাই আগবঢ়াইছিল। এই ধনৰাশিৰ সিংহভাগেই পাকিস্তানক দিয়া হৈছিল সন্ত্রাস প্রতিৰােধৰ বাবে।

কিন্তু হেৰমানৰ অভিযােগ অনুসৰি এই ধনৰাশি পাকিস্তানে সন্ত্রাস দমনৰ বিপৰীতে সন্ত্রাস সৃষ্টিতহে ব্যয় কৰিছিল। সংবাদপত্রখনত হেৰমেনে এই অভিযােগ উত্থাপন কৰি কয়, ‘আফগানিস্তানৰ পৰা মার্কিন সেনা প্রত্যাহাৰৰ পাছত এতিয়া পাকিস্তানৰ প্রতি আমাৰ দৃষ্টিভংগীৰ পুনৰ মূল্যায়ন কৰাৰ সময় উপস্থিত হৈছে।

অতীত আৰু বর্তমানৰ সমস্ত মার্কিন নীতি-নির্ধাৰকসকলে এতিয়া ব্যাখ্যা কৰিব লাগিব কিয় আমি এনে এখন দেশক সহায় কৰি আহিছাে যিখন দেশে আমাৰ শত্ৰুৰ স’তে সদায় হাত মিলাই আহিছে। বিশ্বৰ নিকৃষ্টতম দেশক আমি প্রভূত পৰিমাণৰ পাৰমাণৱিক প্ৰযুক্তিৰ সহায় কৰিছাে।

তেওঁলােকে বাৰে বাৰে আমাৰ বন্ধুত্বৰ সম্পৰ্কক প্ৰতাৰণা কৰিছে। ‘এইদৰে মন্তব্য কৰি হেৰমেনে উল্লেখ কৰা অনুসৰি ২০০২ৰ পৰা বৰ্তমানলৈকে আমেৰিকাই পাকিস্তানক ৩৩ বিলিয়ন ডলাৰৰ সাহায্য প্রদান কৰিছে।

ইয়াৰে ১৪ বিলিয়ন ডলাৰ দিয়া হৈছিল সন্ত্রাস প্রতিৰােধৰ বাবে। কিন্তু ইয়াৰ পাছতাে সন্ত্রাসবাদীৰ ৰম্যভূমি হিচাপে পাকিস্তান পৰিচিত হােৱাৰ কথা উল্লেখ কৰি হেৰমেনে বিশ্বৰ সকলাে দেশক পাকিস্তানৰ স’তে সম্পর্ক বিচ্ছেদ কৰিবলৈ আহ্বান জনালে।

Exit mobile version