LPG : পুনৰ বৃদ্ধি পালে বাণিজ্যিক গেছৰ মূল্য

LPG new Cylinder 764x430 1

দেশৰ ৰাজধানীত ১,৭০০ টকা অতিক্ৰম কৰিলে ৰন্ধন গেছৰ মূল্য‌ই । শুকুৰবাৰে তৈল সংস্থাবোৰৰ বাণিজ্যিক ব্যৱহাৰৰ বাবে প্রয়োজনীয় গেছৰ মূল্য চিলিণ্ডাৰ প্রতি ৪,৩৫০ টকা বৃদ্ধি কৰিছে । ইয়াৰ ফলত ৰাজধানী দিল্লীত বাণিজ্যিকভাৱে ব্যৰহাৰৰ বাবে ১৯ কিলোগ্রাম গেছ চিলিণ্ডাৰৰ মূল্য হৈছে ১,৭৩৬ টকা ৫০ প‌ইচা । কলকাতাত ১,৭৭০ টকা ৫০ প‌ইচাৰ পৰা বৃদ্ধি হৈ ১,৮০৫ টকা ৫০ প‌ইচা হৈছে ।

এই মূল্যবৃদ্ধিৰ ফলত উৎসৱৰ বতৰত হোটেল-ৰেস্তোৰাঁৰ দৰে বাণিজ্যিক কাৰ্যৰ খৰচ বাঢ়িব । ফলত ক্রেতাসকলৰ বিলৰ অংকও বৃদ্ধি পাব পাৰে ।

গৃহত ব্যৱহৃত ১৪.২ কিলোগ্রামৰ (ভর্তুকিহীন) গেছ চিলিণ্ডাৰৰ মূল্য একেবাৰতে বৃদ্ধি পোৱা নাই । উল্লেখ্য যে, যোৱা এক ছেপ্টেম্বৰত বাণিজ্যিক ব্যৱহাৰৰ বাবে প্রয়োজনীয় গেছৰ মূল্য চিলিণ্ডাৰ প্রতি ৭৫ টকা বৃদ্ধি কৰিছিল কেন্দ্র‌ই ।

Exit mobile version