Vietnam : ভিয়েটনামসহ বহু দেশত প্রত্যাহাৰ ক’ভিড বিধি

52368236 303

বিশ্বজুৰি কৰ’নাৰ সংক্রমণ এতিয়াও বর্তি আছে। এনে পৰিস্থিতিতে বিশ্বৰ কে’বাখনাে দেশে ক’ভিড বিধি শিথিল কৰিলে।

বৃহস্পতিবাৰৰ লৈকে সমগ্র বিশ্বত ২৩ কোটি লােক কৰ’নাত আক্রান্ত হ’ল আৰু কমেও ৪৭.৬০ লাখ লােকৰ এই ৰােগত মৃত্যু হ’ল।

ভিয়েটনামত ক’ভিড বিধি শেহতীয়াভাৱে শিথিল কৰাৰ সিদ্ধান্ত লােৱা হৈছে। দেশখনৰ সর্ববৃহৎ চহৰ হু চি মিনহত আজিৰ পৰা ক’ভিড বিধি সম্পূৰ্ণৰূপে প্রত্যাহাৰ কৰা হ’ল।

ভিয়েটনামৰ এইখন চহৰত আজিৰ পৰা পূর্ব দৰে স্বাভাৱিক বাণিজ্যিক আৰু সামাজিক গতিবিধি অব্যাহত থাকিব।

কৰ’না কালত বিশ্বৰ ভিতৰতে ব্রাজিল, ব্রিটেইন, ৰাছিয়া, ফ্রান্স, তুৰস্ক, ইৰান, আর্জেন্টিনা, কলম্বিয়া, ভাৰত, আমেৰিকা, স্পেইন, ইটালী, ইন্দোনেছিয়া, জার্মানী আৰু মেক্সিকো সর্বাধিক প্রভাৱিত হৈছিল।

Exit mobile version