চিৰাঙৰ বেংতল বন বিভাগৰ বিট কাৰ্য্যালয়ত ৮০০ জন চোৰাং চিকাৰীৰ অস্ত্ৰ সম্বৰণ বিটিআৰ প্ৰশাসনৰ ওচৰত

e7d55c2b 0242 43f3 a2f0 b6d98b77204f

আজি দুই অক্টোবৰ অহিংসাৰ পূজাৰী তথা জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মজয়ন্তী দিনাই চিৰাঙৰ বেংতলত বিটিআৰ বনবিভাগৰ উদ্যোগত বৃহৎ সংখ্যক চোৰাং চিকাৰীৰ আত্মসমৰ্পণ কৰে ।

বিটিআৰ প্ৰশাসনৰ বনবিভাগৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিটিআৰ এলেকাত বনাঞ্চল ধ্বংস আৰু বন্যপ্ৰাণী হত্যাৰ দৰে হিংসাৰ পথ পৰিহাৰ কৰি পাঁচ শতাধিক চোৰাং চিকাৰীয়ে অস্ৰশস্ৰ জমা দি আত্মসমৰ্পণ কৰে ।

বিগত সময়চোৱাত চিৰাং-বাকসা জিলাৰ সীমান্তবৰ্তী মানাহ ৰাষ্ট্ৰীয় উদ্যান, কোকৰাঝাৰ জিলাৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান, উল্টাপানী, লুংচুং সংৰক্ষিত বনাঞ্চলৰ উপৰি চিৰাঙৰ ভাৰত-ভুটান সীমান্তৰ সংৰক্ষিত বনাঞ্চলত অবাদে গছ গছনি কাটি ধ্বংস কৰাৰ উপৰি হাতসজা আগ্নেয়াস্ৰ ব্যৱহাৰ কৰি বন্যপ্ৰাণী হত্যা কৰিছিল ।

এই অবাদ বনধ্বংশৰ কাৰণেই শেহতীয়াকৈ বন্যহস্তী মানুহৰ সংঘাত বৃদ্ধি পাইছে । আজি এই বনধ্বংশ আৰু বন্যপ্ৰাণী হত্যাৰ স’তে পোনপটীয়াকৈ জড়িত থকা এই বৃহৎ সংখ্যক চোৰাং চিকাৰীৰ আত্মসমৰ্পণে বিটিআৰ অঞ্চলত বনাঞ্চলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক যোগাত্মক দিশ হিচাপে বিবেচিত হৈছে ।

আজি বিটিআৰৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, সমাজকল্যান বিভাগৰ কাৰ্য্যবাহী সদস্য গৌতম দাস, হস্ততাঁত আৰু বস্ৰশিল্প বিভাগৰ কাৰ্য্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, বিধায়ক জয়ন্ত বসুমতাৰী, বিশেষ আৰক্ষী সঞ্চালক প্ৰধান ডঃ এল, আৰ বিষ্ণয়, চিৰাঙৰ আৰক্ষী অধীক্ষক প্ৰাণজিত বৰা, বনবিভাগৰ মুখ্য বিষয়া অনুৰাগ সিং, আদি কৰি অন্যান্য বিষয়ববীয়া সকলৰ উপস্থিতিত কোকৰাঝাৰ, চিৰাং আৰু বাকসা জিলাৰ পাচঁ শতাধিক চোৰাং চিকাৰী আৰু চোৰাং কাঠ ব্যবসায়ীয়ে ২৫৪ টা হস্তনিৰ্মিত বন্দুক, বুজন পৰিমাণৰ বিষ্ফোৰক সামগ্ৰী, ৭০ টা যন্ত্ৰচালিত গছকটা কৰত, ১২ টা পহুৰ শিং, চোৰাং কাঠ কঢ়িয়াই কাৰ্য্যত ব্যৱহৃত মটৰচাইকেল, চাইকেল আৰু অন্যান্য সা সামগ্ৰী জমা দিয়ে ।

আজিৰ এই চোৰাং চিকাৰীৰ আত্মসমৰ্পণ সন্দৰ্ভত বিটিআৰ ৰ বনবিভাগৰ কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী আৰু আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান ডঃ এল, আৰ, বিষ্ণয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে আৰু খুব কম সময়ৰ ভিতৰতে সংৰক্ষিত বনাঞ্চল সমূহ বেদখলমুক্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰা হ’ব কিন্তু তাৰ আগতে বনাঞ্চল দখল কৰা লোক সকলক অইন ঠাইত বিকল্প সংস্থাপনৰ ব্যবস্থা কৰা হব বুলি কাৰ্য্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে সদৰি কৰে ।

Exit mobile version