ছয় জানুৱাৰীত চিত্ৰগৃহলৈ আহিব সঞ্জয়ৰ ‘গংগুবাই’

thequint 2021 06 e46505ab d220 4344 9f18 bb893e56b472 207928213 172728001536304 5217033463090859833 n

শেহতীয়াকৈ আলিয়া ভাটৰ ভাল দিন পুনৰ ঘুৰি আহিছে। ছ’ছিয়েল মিডিয়াত সমর্থক সংখ্যা বৃদ্ধি হৈছে আলিয়াৰ৷এই বিষয় লৈ আনন্দিত আলিয়া।

উল্লেখ্য যে বিগত সময়ছােৱাত ছ’ছিয়েল মিডিয়াত সমালােচনাৰ সন্মুখীন হৈছিল আলিয়া। অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে বলিউদত স্বজনপােষনৰ সত্য কাহিনী পােহৰলৈ আহে।

দেশৰ জনতাই বাস্তৱত বহিস্কাৰ কৰিছিল তাৰকাৰ সন্তানক। ছ’ছিয়েল মিডিয়াত সমালােচনা কৰা হৈছিল তাৰকাৰ পূত্র-কন্যাক। আলিয়াও ইয়াৰ বলি হয়।

আলিয়াৰ শেহতীয়া ছবি’সড়ক-২’ডিজিটেলত মুক্তি হৈছিল যদিও ফ্লপ হৈছিল ছবিখন। ‘সড়ক-২’ নির্মান কৰিছে মহেশ ভাটে। আলিয়াৰ লগতে তেওঁৰ জ্যেষ্ঠ ভগ্নী পূজা ভাটকো অভিনয়ৰ সুযােগ দিছিল পিতৃ মহেশ ভাটে।

যাৰবাবে জনপ্রিয়তাৰ তুংগত থকাৰ পাছতাে আলিয়াৰ সমর্থকে ছবিখন নাচালে। বিপৰীতে সমালােচনাহে কৰে অভিনেত্রীগৰাকীক। ইফালে, ৰিয়া চক্ৰৱৰ্তীৰ লগত মহেশ ভাটৰ অবৈধ সম্পর্কৰ কথাও প্ৰচাৰ হৈ থকাত ইয়াৰ পৰিনাম ছবিখনে পাইছে।

কিন্তু পৰিবেশ এতিয়া সলনি হৈছে আৰু আলিয়াৰ আশা ‘গংগুবাই কাথিয়াবাদী’ক লৈ। উল্লেখ্য যে অহা বছৰ ছয় জানুৱাৰীত চিত্রগৃহলৈ আহিব ‘গংগুবাই কাথিয়াবাদী। ইতিমধ্যে এয়া আনুষ্ঠানিক ঘােষণা কৰা হৈছে। উল্লেখ্য যে এই ছবিখন নির্মান কৰিছে। বিশিষ্ট পৰিচালক সঞ্জয় লীলা ভাঞ্চালিয়ে।

Exit mobile version