‘বিগ বছ’ৰ লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান ৰিয়াৰ, কিন্তু কিয়?

86640411

টেলিভিশ্বনৰ ৰিয়েলিটি শ্ব’ ‘বিগ বছ-১৫ ‘অচিৰেই আৰম্ভ হ’ব।’ কালাৰ’ চেনেলত সম্প্রচাৰ হ’বলগা জনপ্রিয় ধাৰাবাহিকখনত এইবাৰ কোন আহিব সেয়া চর্চা হৈ থকা সময়তে নাম ওলাইছে অভিনেত্রী তথা মডেল ৰিয়া চক্ৰৱৰ্তীৰ। খবৰ অনুসৰি ‘বিগ বচ’ৰ এতিয়ালৈকে সর্বাধিক ধন দিয়াৰ প্ৰস্তাৱ ৰিয়াক দিয়া হৈছে।

প্ৰতিটো খণ্ডত ৩৫ লাখকৈ। পূর্বে ‘বিগ বছ’ৰ কোনাে তাৰকাকে ইমান ধন আগবঢ়োৱা নাছিল। কিন্তু তথাপি ৰিয়াই প্রস্তাৱ প্রত্যাখান কৰি ‘বিগ বচ-১৫’লৈ নহাৰ সিদ্ধান্ত লৈছে। ইয়াৰ কাৰণ হ’ল আদালতত চলি থকা গােচৰ। উল্লেখ্য যে ড্ৰাগছ লােৱা আৰু বিক্রি কৰাৰ অপৰাধত সম্প্রতি গােচৰ চলি আথে ৰিয়াৰ বিৰুদ্ধে। এন চি বিৰ জালত পৰিছে নৱাগত অভিনেত্রীগৰাক। স্মর্তব্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যুৰ পাছতে চৰ্চালৈ আহিছিল ৰিয়া।

ৰিয়া সুশান্তৰ গার্লফ্রেইণ্ড আছিল। আনহাতে, সুশান্তৰ ৰহস্যজনক মৃত্যুত ৰিয়াৰ ভুমিকা ৰহস্যজনক বুলি ইতিমধ্যে পােহৰলৈ আহিছে। সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক মৃত্যু ঘটনা চি বি আয়ে তদন্ত কৰি আছে। জেৰা কৰা হৈছে ৰিয়াকো।তাৰমাজতে এন চি বিৰ জালত পৰি জেললৈ গৈছিল ।

অভিনেত্রীগৰাকী বলিউদত ড্ৰাগছৰ অবাধ প্রচলনৰ বিষয়ে বিস্ফোৰক তথ্য এন চিবিক দিছে বিয়াই। সেয়ে ‘বিগ বছ-১৫’ লৈ আহি এনেবােৰ কথা মুকলিকৈ কোৱাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লৈছে অভিনেত্রীগৰাকীয়ে। ইফালে, যেতিয়া ৰিয়া জেলত আছিল সেইসময়ত এদিন নিশাও শুব পৰা নাছিল ৰিয়াৰ মাতৃ৷ ৰিয়াই সততাৰে যুঁজ দিব বুলি কয় মাতৃয়ে। সত্য পােহৰলৈ আহিবৰ বাবে আৰু বেছি দিন নাই বুলিও কয় ৰিয়াৰ মাতৃয়ে।

Exit mobile version