তেজপুৰৰ ৩৫ কিলোমিটাৰ পথত ৰে’ল যাত্ৰা !

তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিন বিভাগৰ দ্বাৰা ক্ষুদ্ৰ ৰেল প্ৰকল্প প্ৰৰ্দশন

1519801077604

তেজপুৰ বিশ্ববিদ্যালয়ৰ বৈদ্যুতিন বিভাগৰ দ্বাৰা প্ৰস্তুত কৰা তথা তেজপুৰ চহৰৰ মাজেৰে ডেকাৰগাঁৱৰ পৰা জাহাজঘাটস্থিত পুৰণা ৰেলষ্টেচনৰ পৰা দোলাবাৰী হৈ নপামৰ তেজপুৰ বিশ্ববিদ্যালয়লৈ এক কম খৰচি ক্ষুদ্ৰ ৰেলসেৱা ব্যৱস্থাৰ বিশেষ পৰিকল্পনা কৰা হৈছে ৷ ৰাজ্যৰ ভিতৰতে প্ৰথম এই ভৱিষ্যতমুখী পৰিকল্পনা যুগুত কৰি তাৰ সবিশেষ বিশ্ববিদ্যালয় শখনৰ বৈদ্যুতিন বিভাগে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আৰু অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱাৰ সন্মুখত প্ৰৰ্দশন কৰে ।

অসমীয়া ক্লাৱৰ বালিৰাম লহকৰ সভাগৃহত তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড.মানবেন্দ্ৰ ভূঞাই অসমৰ ভিতৰতে এই বিশেষ লঘূ ৰেলসেৱা সফল হ’লে তেজপুৰ চহৰলৈ এক যুগান্তকাৰী পৰিৱৰ্তন আহিব সেই বিষয়ে অৱগত কৰে । বিশ্ববিদ্যালয়খনৰ অধ্যাপক ড.শান্তনু শৰ্মাৰ তত্বাৱধানত গৱেষণা সহায়ক হিচাপে কাম কৰা কৃতাঞ্জলি দাসে এই প্ৰকল্পৰ খচৰা পৰিকল্পনাৰ সবিশেষ প্ৰকাশ কৰি তেজপুৰৰ দৰে এখন চহৰৰ বাবে এনে ক্ষুদ্ৰ ৰেলসেৱা কিদৰে পাৰিপাৰ্শ্বিক দিশতো উপযোগী হৈ উঠিব পাৰে আৰু সৰ্বসাধাৰণৰ কম ব্যয়বহুল যাতায়ত ব্যৱস্থা হৈ উঠিব পাৰে তাৰো সবিশেষ ব্যাখ্যা আগবঢ়ায় ৷

এই ক্ষেত্ৰত তেওঁক সহায় কৰে আন এগৰাকী গৱেষণা সহযোগী অনিতা গুপ্তাই । দাসে এই প্ৰকল্প প্ৰায় ১৩০ কোটি টকাৰে গঢ় দিব পৰা যায় বুলিও কয় । উল্লেখযোগ্য যে, ইয়াৰ বাবে প্ৰতি কিলোমিটাৰ ৰেলপথ নিৰ্মাণৰ বাবে ১২-১৪কোটি টকা ব্যয় হ’ব ৷ ৩৫ কিলোমিটাৰ ৰে’লপথ নিৰ্মাণৰ বাবে ৪৯০ কোটি টকাৰ আৱশ্যক হ’ব বুলিও প্ৰকল্পটোৰ বিষয়ে উল্লেখ কৰি এই বিশেষ ৰে’লৰ একোটা বগী নিৰ্মাণত ৭২ লাখ টকাৰে এখন ৰে’ল নিৰ্মাণত ছয়কোটি চাৰিলাখ টকা ব্যয় হ’ব বুলিও কোৱা হৈছে ৷

এই প্ৰকল্পই তেজপুৰক পৰ্যটনৰ ক্ষেত্ৰতো অনন্য মাত্ৰা প্ৰদান কৰিব আৰু এই বিষয়ে বিধায়ক ৰাভাই ৰাজ্যৰ মুখ্যমন্ত্ৰীক জনাব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

Exit mobile version