ভাৰতত শ্বেয়াৰৰ দৰেই বিক্রী হ’ব সােণৰ ষ্টকো!

Investment 1 770x433 1

অৱশেষত দেশত সােণৰ ষ্টক এক্সচেঞ্জ খােলাৰ পথ প্রশস্ত হ’ল। এই এক্সচেঞ্জৰ সহায়ত ইলেক্টনিক গােল্ড ৰিচিপ্ট (ইজিআৰ)ৰ ৰূপত কোম্পানী এটাৰ ষ্টকৰ দৰেই সােণৰ ষ্টকো বিক্ৰী কৰিব পৰা যাব আৰু এনে ষ্টক বিক্ৰী কৰি প্ৰকৃত সােণ পাব পাৰিব।

যােৱা মঙলবাৰে অনুষ্ঠিত বজাৰ নিয়ন্ত্রক ছেবিৰ এখন পৰিষদীয় বৈঠকত গােল্ড এক্সচেঞ্জ আৰু ছেবি (ভল্ট মেনেজাৰ) নিয়মাৱলী, ২০২১ৰ পৰিকাঠামাে অনুমােদিত হয়। ব্যৱসায়ৰ বাবে ইজিআৰৰ মূল্য স্বীকৃতিপ্রাপ্ত ষ্টক এক্সচেঞ্জে ছেবিৰ অনুমােদন লৈ নির্ধাৰণ কৰিব পাৰিব।

ইজিআৰৰ ম্যাদৰ কোনাে নির্দিষ্ট সময়সীমা বা ম্যাদ উকলাৰ তাৰিখ নাথাকিব। ইজিআৰ ধাৰকসকলে যেতিয়ালৈ বিচাৰে ইয়াক ৰাখিব পাৰিব আৰু যেতিয়াই বিচাৰে ইজিআৰ সমৰ্পণ কৰিব পাৰিব। যি সময়ত বিক্ৰী কৰে সেই সময়ত চলি থকা মূল্যৰ ওপৰত নিৰ্ভৰ কৰি ভল্টৰ পৰা সােণ ল’ব পাৰিব।

ইজিআৰক ছিকিউৰিটিজ কন্ট্রেক্ট (ৰেণ্ডলেছন) আইন, ১৯৫৬ৰ অধীনত ছিকিউৰিটি হিচাপে অধিসূচীত কৰা হ’ব। যিকোনাে স্বীকৃত বা নতুন স্টক এক্সচেঞ্জে এটা পৃথক শাখাত ইজিআৰ ট্রেডিং আৰম্ভ কৰিব পাৰে। ছেবিৰ নিয়মমতে, ৪০ কোটিতকৈ অধিক মুঠ ব্যৱসায়িক মূল্যৰ কোম্পানীয়েহে এই স্টক এক্সচেঞ্জত ভল্ট মেনেজৰ হ’বলৈ সক্ষম হ’ব।

ইয়াৰ বাবে এনে সংস্থাই ছেবিৰ স’তে পঞ্জীয়ন কৰিব লাগিব। অৱশ্যে সােণৰ ষ্টক এক্সচেঞ্জত ন্যূনতম কিমান মূল্যৰ বা কিমান ওজনৰ সােণৰ ইজিআৰৰ কিনা বেচা হ’ব সেয়া এতিয়াও চূড়ান্ত কৰা হােৱা নাই। ইজিআৰ বাণিজ্যৰ যােগেদি সােণৰ বিনিময়ৰ উধ্বর্তম সীমা কিমান হ’ব তাকো নির্ধাৰণ কৰা হােৱা নাই।

ছেবিৰ এই সিদ্ধান্তক আদৰণি জনাইছে ভাৰতৰ সােণৰ বজাৰখনৰ বিশ্লেষকসকলে।ইয়াৰ ফলত সােণৰ মূল্য নির্ধাৰণত স্বচ্ছতা বৃদ্ধি পাব বুলি মন্তব্য কৰিছে কেডিয়া এডভাইজৰী নামৰ পৰামর্শদাতা সংস্থাটোৰ সঞ্চালক অজয় কেডিয়াই। কেডিয়াই কয়, বর্তমানে দেশৰ বিভিন্ন চহৰত সােণৰ মূল্যত কেতিয়াবা প্রতি ১০ গ্রামত দুহেজাৰ টকা পর্যন্ত পার্থক্য দেখা যায়।

এই নতুন স্টক এক্সচেঞ্জ সােণ ক্রয় আৰু বিক্ৰীৰ ৰাষ্ট্ৰীয় মঞ্চ হ’ব। ই বজাৰত সােণৰ ৰাষ্ট্রীয় মূল্য নির্ধাৰণ কৰিব। উল্লেখ্য যে ছেবিয়ে শেহতীয়াকৈ সামাজিক ষ্টক এক্সচেঞ্জ বা এছএছইকো অনুমােদন জনাইছে। সামাজিক উদ্যোগসমূহে ইয়াৰ জৰিয়তে বজাৰৰ পৰা মূলধন সংগ্রহ কৰিবলৈ সক্ষম হ’ব।

এই অনুমােদনৰ পাছত এছএছই ছেবিৰ নিয়ামক পৰিধিৰ অধীনলৈ আহিব। অৱশ্যে, ইয়াৰ সময়সীমা অদ্যাপি নিৰ্ধাৰণ কৰা হােৱা নাই। স্মর্তব্য, বিশ্বৰ ভিতৰতে চীনৰ পাছত ভাৰত হৈছে সােণৰ দ্বিতীয় সর্ববৃহৎ উপভােক্তা। ভাৰতীয় বজাৰখনে প্রতি বছৰে ৮০০ টন সােণ ব্যৱহাৰ কৰে। এনে পৰিস্থিতিত, অনাগত দিনসমূহত গােল্ড এক্সচেঞ্জে বৃহৎ সফলতা লাভ কৰিব পাৰে বুলি আশা কৰিব পাৰি।

Exit mobile version