যিবােৰ খাদ্যৰ বাবে মুখৰ পৰা ওলায় দুর্গন্ধ

Badbreath

সাধাৰণতে মাছ আৰু মাংসত থকা প্ৰটিন যকৃতলৈ যােৱাৰ পাছত এছিড আৰু বেক্টেৰিয়াৰ প্রভাৱত এমিনাে এছিডলৈ ৰূপান্তৰিত হয়। ইয়াৰ ফলত উৎপন্ন হয় শৰীৰৰ বাবে অপকাৰী এমােনিয়া। এমােনিয়া হ’ল তীব্র গন্ধযুক্ত। এনেদৰে উৎপন্ন হােৱা দুর্গন্ধ মুখেৰে ওলায় আহে। যদিহে মাছ অথবা মাংস ভালদৰে মচলাৰে ভাজি-আঞ্জা প্রস্তুত কৰা নহয় তেতিয়াহ’লে মুখৰ পৰা দুর্গন্ধ ওলাব পাৰে।

★যিসকল লােকৰ মুখৰ পৰা দুর্গন্ধ ওলােৱাৰ প্ৰৱণতা থাকে তেওঁলােকে নহৰু আদি কেঁচাই চোবাই নােখােৱাটো মংগলজনক। কাৰণ নহৰুত থাকে ছালফাৰ। সাধাৰণতে এইবিধ যৌগৰ ফলত নহৰুৰ পৰা উৎকট দুর্গন্ধ ওলায়। নহৰু চোবাই খােৱাটো স্বাস্থ্যৰ পক্ষে ভাল। বিশেষকৈ পেটৰ ৰােগ, উচ্চ ৰক্তচাপ আদি থাকিলে নিয়মীয়াকৈ পুৱাই খালী পেটত কেঁচা নহৰু খালে উপকাৰ পােৱা যায়। পিছে পৰিপাক ক্রিয়াৰ সময়ত নহৰুৰ পৰা বিভিন্ন ছালফাৰ যৌগ নির্গত হয় বাবে মুখৰ পৰা মাজে মাজে দুর্গন্ধ ওলায়।

★পিয়াজত ছালফেৰিক যৌগ বেছি থাকে বাবে গােন্ধায়। সেই। বাবে বেছিকৈ কেঁচা পিঁয়াজ খালে মুখখন গােন্ধায়।

★গাখীৰ অথবা দুগ্ধজাত খাদ্যৰ বাবেও মুখখন গােন্ধাব পাৰে। কাৰণ দুগ্ধজাত খাদ্য গ্রহণৰ পাছত ইয়াত থকা এমিনাে এছিডৰ বাবে ছালফাৰ যৌগ বেছি পৰিমাণে উৎপন্ন হয়।

★বেছিকৈ কফি খালে মুখগহ্বৰৰ লেলাউটি শুকায় যােৱাৰ ফলত বেক্টেৰিয়াই খােপনি পুতিলে মুখৰ পৰা দুর্গন্ধ ওলাবই।

Exit mobile version