Earthquake : অসমত ভূমিকম্পৰ মৃদু জোকাৰণি

eq 1

ক’ভিডকেন্দ্ৰিক পৰিস্থিতি কিছু স্বাভাৱিক হৈ অহাৰ মাজতে আজি বিয়লি অসমসহ উত্তৰ-পূৱৰ কে’বাখনো ৰাজ্যত পুনৰ এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি যায় । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, ভাৰতীয় মান সময় অনুসৰি বিয়লি দুই বাজি ৪০ মিনিট আৰু ১৪ ছেকেণ্ডত প্ৰায় ১৭ ছেকেণ্ডৰ বাবে অনুভূত হোৱা ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত প্রাৱল্যৰ পৰিমাণ আছিল ৩.৮ কম্পনাংক ।

আনহাতে, ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ উত্তৰ-পূৱ দিশত পাঁচ কিলোমিটাৰ গভীৰতাত । অৱশ্যে ভূমিকম্পৰ ফলত ক’তো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি অহা নাই ।

Exit mobile version