দ্ৰুত ওজন কমাবলৈ খাওক এই তিনিটা পানীয়

corerf 20210920174913

ওজন হ্ৰাস হোৱাৰ ফলত বিভিন্নজনে বিভিন্ন ধৰণে ওজন হ্ৰাস কৰিবলৈ নতুন নতুন ডায়েট ,শৰীৰচর্চা কৰিবলৈ আৰম্ভ কৰে। কিন্তু ডায়েট-জিমৰ লগতে অন্য কিছুমানো উপায় আছে যিসমূহ অনুসৰণ কৰিলে আপোনাৰ ওজন হ্ৰাস কৰা যাত্ৰা অধিক কাৰ্যকৰী হব।

দ্ৰুত ওজন হ্ৰাস কৰিব পাৰিব ওৱেট ল’ছ নাইট ড্ৰিংক বা ওজন কমাৱাৰ ৰাতিৰ পানীয় । ভেষজ উপাদানেৰে তৈয়াৰ কৰা এই পানীয়বোৰ খালে বিপাক বৃদ্ধি হ’ব আৰু সোনকালে ওজন হ্ৰাস হ’ব। জানি লওক এই তিনিটা ওয়েট ল’ছ ড্ৰিংক

আদা-নেমু চাহ

ৰাতিৰ আহাৰৰ আধা ঘণ্টা পাছত আদা-নেমু পানীয় খাব। এই পানীয়টো অনিদ্ৰা উপশম কৰাত যথেষ্ট কাৰ্যকৰী। যদি আপুনাৰ ৰাতি ভালদৰে টোপনি নাহে তেন্তে ওজন সোনকালে বৃদ্ধি হয়। এই পানীয়টোৱে বিপাকৰ হাৰ বৃদ্ধি কৰে। এইকাৰণে ওজন হ্ৰাস অতি দ্ৰুত।

এই পানীয়টো তৈয়াৰ কৰিবলৈ, এক টুকুৰা আদা, আধা নেমুৰ ৰস আৰু আধা চামুচ গ্ৰীণ টি একেলগে পানীত উতলাওক। তাৰ পাছত এই চাহখিনি চেকী সেৱন কৰক। প্ৰতি নিশা শুৱাৰ আগতে এই চাহ খালে অতি সোনকালে ওজন হ্ৰাস হ’ব।

পুদিনাৰ পানীয়

পুদিনা পাতৰ একাধিক স্বাস্থ্য উপকাৰিতা আছে। পুদিনা তৈয়াৰ কৰা পানীয়ই লিভাৰ পৰিষ্কাৰ কৰে আৰু বিপাক বৃদ্ধি কৰে। গতিকে এই পানীয়টো ওজন হ্ৰাসৰ বাবে সৰ্বশ্ৰেষ্ঠ বিকল্প হ’ব পাৰে। ইয়াৰ বাবে এগিলাচ পানীত কেইটামান পুদিনা পাত উতলাই লওক । তাৰ পাছত পানীখিনি চেকী শোৱাৰ আধা ঘণ্টা আগত খাওক। এই পানীয় খালে তিনি চাৰি সপ্তাহ ভিতৰত ফলাফল পাব।

ডালচেনি-মৌ পানীয়

ওজন হ্ৰাসত ডালচেনিৰ যথেষ্ট কাৰ্যকৰীতা আছে। একে সময়তে, মৌৰ স্বাস্থ্যৰ উপকাৰিতাও কম নহয় ।এই দুটা উপাদান ওজন হ্ৰাস কৰাত সহায়ক। ডালচেনি পানীয়ে কেলৰি দহন কৰাত সহায় কৰে। একে সময়তে, বিপাকক্ৰিয়াৰ দ্বাৰা হাড়ো বৃদ্ধি হয়। ফলস্বৰূপে, ওজন হ্ৰাস সোনকালে আৰম্ভ হয়।

ইয়াক প্ৰস্তুত কৰিবলৈ, ২৫০ মিলি পানীত এক চাহ চামুচ ডালচেনি পাউডাৰ মিহলি কৰক আৰু ইয়াক উতলাওক। তাৰ পাছত পানীখিনি ঠাণ্ডা হবলৈ এৰি দিয়ক। ঠাণ্ডা হোৱাৰ পাছত মৌ মিহলাই সেৱন কৰক ।এই পানীয় শুবলৈ যোৱাৰ আগতে নিয়মীয়াকৈ পান কৰিলে কেইদিনমানৰ ভিতৰতে ফলাফল দেখা পাব।

Exit mobile version