প্ৰাণঘাটি মৌমাখিৰ আক্ৰমণ, মৃত্যু এগৰাকী কিশোৰীৰ

মৌমাখিৰ আক্ৰমণত মৃত্যু তিনিগৰাকী । শনিবাৰে ঝাৰখণ্ডৰ গিদিদিৰ তিছৰী ব্লকত মৌমাখিয়ে কামোৰাত মৃত্যু হয় এগৰাকী ১০ বছৰীয়া কিশোৰীৰ ।

চিকিৎসালয়লৈ লৈ যোৱাৰ পাছতো কোনো লাভ নহ’ল। (Bee Sting Death) চিকিৎসালয়লৈ লৈ যোৱাৰ আগতেই মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে চিকিৎসকে ।

যোৱা মাহত এই গাওঁখনতে মৌমাখিৰ কামোৰত আৰু দুজন লোকৰ মৃত্যু হৈছিল। এজন ২৭ বছৰীয়া আৰু আনজনৰ বয়স আছিল ৬৬।

যোৱা দুমাহত, মৌমাখিৰ কামোৰৰ ফলত গাওঁখনত তিনিজন লোকৰ মৃত্যু হৈছে।

পৰিয়ালৰ সূত্ৰই জনাবলৈ দিয়ে যে শনিবাৰে ঘৰত খেলি থাকোতে কিশোৰীগৰাকীক মৌমাখিৰ জাকৰ কৱলত পৰিছিল। মৌমাখিয়ে কামোৰাৰ পাছতে জ্ঞান হেৰুৱাইছিল ছোৱালীজনীয়ে ।

কিছু প্ৰত্যক্ষদৰ্শীয়ে ছোৱালীজনীক ঘৰৰ বাহিৰত পৰি থকা দেখিছিল আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰি এখন চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকসকলে কয় যে চিকিৎসালয়ত উপস্থিত হোৱাৰ আগতে শিশুটোৰ মৃত্যু হৈছে।

কিশোৰীগৰাকীৰ অকাল মৃত্যুত পৰিয়ালত শোকৰ ছাঁ । গাওঁখনত এনে বিষাক্ত মৌমাখি ক’ৰ পৰা আহিছে, আৰু এটাৰ পাছত এটা কৈ মৃত্যু হৈছে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। গাওঁবাসীয়ে প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে ।

তথ্য অনুসৰি আগতে বহুবাৰ বিষাক্ত মৌমাখিৰ কামোৰৰ ফলত জীৱ জন্তুৰো মৃত্যু হৈছে । মানুহৰ মৃত্যু হৈছে বাংলাদেশত । যোৱা এপ্ৰিলত বাংলাদেশৰ গাজীপুৰৰ কালিয়াকাৰৰ চিনাবাহ খান্দকাৰ পাৰা অঞ্চলত মৌমাখিৰ কামোৰত খান্দকাৰ বিপ্লব নামৰ এজন যুৱকৰ মৃত্যু হয়।

Exit mobile version