Weight Loss : পুৱাই খাওক এগিলাচ তিয়াই থোৱা ইলাচী পানী…. পাব এইসমূহ লাভালাভ

ইলাচী হৈছে এনে এবিধ মচলা যাক প্ৰাকৃতিকভাৱে ৰন্ধনত ব্যৱহাৰ কৰা হয়। ইলাচীৰ দ্বাৰা ৰন্ধনৰ সোৱাদ বৃদ্ধি কৰাত সহায় হয়। অৱশ্যে, আন মচলাবোৰৰ কিছুমান উপকাৰী গুণাগুণ থকাৰ দৰে, ইলাচীৰো বহুতো উপকাৰী গুণ আছে। বিশেষজ্ঞসকলৰ মতে, ৰন্ধনৰ সোৱাদ বঢ়াবলৈ ব্যৱহাৰ কৰা মচলাবোৰে কেৱল খাদ্যক সুস্বাদু কৰাই নহয় ই স্বাস্থ্যৰ লাভালাভতো যথেষ্ট অৰিহণা যোগায়।

তেওঁলোকৰ মতে, প্ৰতিটো মছলাৰ কিছুমান উপকাৰ আছে। ইলাচও সেই মছলাৰ ভিতৰত এবিধ । ইলাচী পানী আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী ।

 

কি দৰে তৈয়াৰ কৰিব ইলাচীৰ পানী ?

বিশেষজ্ঞসকলে জনাইছে যে প্ৰথম এক লিটাৰ পানী এটা পাত্ৰত ল’ব লাগিব। এতিয়া ইয়াত পাঁচৰ পৰা ছয়টা ইলাচী যোগ দিয়ক। ইলাচীখিনি গোটেই ৰাতি পানীত তিয়াই ৰাখক। ৰাতিপুৱা উঠি সেই তিয়াই থোৱা পানী ভালদৰে উতলাওক। পানী কমি যেতিয়া কম হব তেতিয়া সেই পানী চেকী সেৱন কৰিব পাৰে । এই পানী দিনত তিনিৰ পৰা চাৰি বাৰলৈকে খাব পাৰি ।

ইলাচীৰ পানী খালে কি কি উপকাৰিতা পাব ?

(১) বিশেষজ্ঞসকলে জনাইছে যে, ডায়েবেটিচ ৰোগীসকলৰ বাবে ইলাচীৰ পানী অতি উপকাৰী। তেওঁ নিয়মীয়াকৈ ইলাচী পানী খাই ৰক্ত শৰ্কৰাৰ স্তৰ সঠিক কৰিব পাৰে ।

(২) কোষ্ঠকাঠিন্যৰ সমস্যা থকা লোকসকলক বিশেষজ্ঞসকলে নিয়মীয়াকৈ ইলাচী পানী খোৱাৰ পৰামৰ্শ দিয়ে। কোষ্ঠকাঠিন্যৰ সমস্যাৰ বাহিৰে ইলাচী পানীয়ে যিকোনো হজম সমস্যা দূৰ কৰাত সহায় কৰে।

(৩) আপোনাৰ যদি অতিৰিক্ত ওজন হ্ৰাস কৰাৰ লক্ষ্য আছে তেন্তে ইলাচী পানীয়ে আপোনাক সেই লক্ষ্যত উপনীত হোৱাত সহায় কৰিব। ইয়াত থকা বৃহৎ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট শৰীৰত অতিৰিক্ত চৰ্বি কমাবলৈ অতি উপকাৰী।

(৪) উচ্চ কলেষ্টেৰলৰ সমস্যা থকা সকলৰ বাবে ইলাচী পানীও অতি উপকাৰী। এই উপকাৰী পানীয়টোৱে ক্ষতিকাৰক কলেষ্টেৰলৰ স্তৰ হ্ৰাস কৰি হৃদৰোগৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।

Exit mobile version