গছৰ পাতত-আঙুঠিত আঁকিলে কাবা ! ক্ষুদ্ৰতম ছবি অংকন কৰি অভিলেখ গঢ়িলে কাশ্মীৰৰ যুৱকে

মক্কাত অৱস্থিত কাবা মুছলমানসকলৰ পৱিত্র তীর্থস্থান । সেই কাবাৰ ছবি গছৰ পাতত আৰু আঙুঠিৰ ওপৰত আঁকি নতুন অভিলেখ গঢ়িলে কাশ্মীৰৰ এজন যুৱকে । ২৬ বছৰীয়া যুৱকজনৰ নাম মুদাছিৰ ৰহমান দাৰ । তেওঁ কাশ্মীৰৰ কুলগাম জিলাৰ কুলপোৰা গাঁৱৰ বাসিন্দা ।

কাবাৰ ছবি আঁকি এছিয়া আৰু ইণ্ডিয়া বুক অৱ ৰেকর্ডছত নাম অন্তৰ্ভুক্ত হ’ল মুদাছিৰৰ । তেৱেঁই কাশ্মীৰৰ প্রথম শিল্পী যিয়ে এই দুই অভিলেখ গঢ়িবলৈ সক্ষম হৈছে । যদিও শিল্পী হোৱাৰ প্রচলিত শিক্ষাৰ সুযোগ পোৱা নাই মুদাছিৰে । কিন্তু সৰুৰে পৰাই তেওঁৰ অংকনৰ প্রতি ভালপোৱা আৰু আগ্রহ আছিল । সেই আগ্রহৰ পৰাই তৈয়াৰ কৰি লৈছে নিজস্ব অংকনৰ ধৰণ ।

এই বিষয়ত মুদাছিৰে এক সর্বভাৰতীয় সংবাদমাধ্যমক কয়, ‘‘মোৰ অংকনৰ নিজস্ব ধৰণ আছে । ম‌ই আশ-পাশে যি দেখা পাওঁ সেয়া একেবাৰেই প্রাকৃতিক ।’’ সামাজিক মাধ্যমৰ সহায়ত তেওঁ নিজৰ শিল্পকলা সকলোৰে আগত দাঙি ধৰিব পাৰিছে বুলিও জনায় । তেওঁৰ লক্ষ্য সমাজৰ বিভিন্ন সমস্যা নিজৰ চিত্ৰত দাঙি ধৰা । মাদক আসক্তি, শিশুশ্রমৰ দৰে বিভিন্ন সামাজিক সমস্যাক লৈ ভৱিষ্যতে কাম কৰিব বিচাৰে কাশ্মীৰৰ এই যুৱকজনে ।

Exit mobile version