দুই মার্কিন বিজ্ঞানীলৈ চিকিৎসাশাস্ত্ৰৰ ন’বেল বঁটা

nobel

মার্কিন বিজ্ঞানী ডেভিড জুলিয়াছ আৰু আর্ডেম পাপুটিয়ানে যুটীয়াভাৱে লাভ কৰিছে ২০২১ৰ চিকিৎসা শাস্ত্ৰৰ নবেল বঁটা। উষ্ণতা আৰু তাপমাত্রাৰ প্রতি শৰীৰে কিদৰে প্রতিক্রিয়া প্রকাশ কৰে এই ৰহস্য ভেদৰ বাবে দুই বিজ্ঞানীয়ে লাভ কৰিলে ন’বেল। স্পর্শবােধ, অনুভূতি, জটিল ৰহস্য ভেদ কৰিলে দুই ন’বেল বিজয়ীয়ে।

ADVERTISEMENT

আমাৰ স্পর্শেন্দ্রিয়ই কিদৰে পৰিৱেশৰ প্ৰতি সঁহাৰি জনায়, উষ্ণতা আৰু স্পর্শ কিদৰে বৃদ্ধি পায় এই সম্পর্কীয় আৱিষ্কাৰে নতুন বিষ নিৰাময়কৰ প্ৰস্তুতৰ পথ প্রশস্ত কৰিব পাৰে বুলি কয় ন’বেল প্রদানকাৰী সংস্থাই ছুইডেনৰ ন’বেল সংস্থাই কয় যে দুই বিজ্ঞানীৰ আৱিষ্কাৰে কিদৰে গৰম, ঠাণ্ডা আৰু মেকানিকেল শক্তিয়ে স্নায়ুত স্পন্দনৰ সৃষ্টি কৰে অথবা স্নায়ুসমূহক উদ্বুদ্ধ কৰি তােলে আৰু এই কার্যই আমাৰ চৌপাশে থকা পৃথিৱীখনৰ হৃদয়ংগম কৰিব পাৰাে আৰু উপলব্ধি কৰিব পাৰাে।

ন’বেল এছেম্বলী আৰু শৰীৰতত্ত্ব অথবা চিকিৎসাশাস্ত্ৰৰ ন’বেল কমিটীৰ থমাছ পার্মানে ঘােষণা কৰে যে এই দুই বিজ্ঞানীয়ে যুটীয়াভাৱে উত্তাপ আৰু স্পৰ্শৰ প্রতি শৰীৰে জনােৱা সঁহাৰিৰ ৰহস্য ভেদ কৰাৰ বাবে চিকিৎসা বিদ্যাত নবেল বঁটা লাভ কৰিছে।

তেওঁ কয় যে এই জ্ঞানক বিশ্বজুৰি অসহনীয় বিষকে ধৰি বিভিন্ন ৰােগৰ উপশমৰ বাবে ব্যৱহাৰ কৰা হয়। এই যুগান্তকাৰী আৱিষ্কাৰে আমাৰ স্নায়ু ব্যৱস্থাই কিদৰে গৰ্ম, ঠাণ্ডা আৰু মেকানিকেল উত্তেজকৰ অনুভৱ কৰে সেই বিষয়ে বােধগমিতাক অধিক উচ্চস্তৰলৈ লৈ যােৱা বুলিও বঁটা বিজয় ঘােষণাত কোৱা হৈছে। বিশ্বৰ সর্বোচ্চ সম্মানজনক এই বঁটা ১৯০১ৰ পৰাই প্ৰদান কৰি অহা হৈছে।

ক’ভিড-১৯ৰ দৰে অতিমাৰীৰ পৰিপ্ৰেক্ষিতত চিকিৎসাশাস্ত্ৰৰ এই ন’বেল বঁটাই সমগ্র বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছে। একাংশ বিজ্ঞানীয়ে পৰামর্শ আগবঢ়াইছিল যে কৰ’না ভাইৰাছৰ প্ৰতিযেধক উদ্ভাৱন কৰা সকলােকে চলিত বৰ্ষত অথবা আগন্তুক ব্যসমূহত অতি সম্মানজনক নবেল বঁটাৰে বিভূষিত কৰিব পাৰিব।

ন’বেল কমিটীয়ে সদৰী কৰে যে ২০২১ৰ বঁটাপ্রাপকদ্বয় অতিকৈ সুখী হৈছে আৰু কিছু পৰিমাণে আচম্বিত হৈছে। তদুপৰি কিছু চকিত হৈছে বুলি কয় সচিব প্রধান পার্মানে। বিগত বৰ্ষটোত এইবাৰাে ন’বেল বঁটা প্রদান অনুষ্ঠান উদ্যাপনত হেঙাৰ হৈ থিয় দিছে। সাধাৰণতে অতি ধুমধামেৰে এই বঁটা প্রদান অনুষ্ঠানৰ আয়ােজন হয়।

কৰ’না ভাইৰাছৰ আতংক আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আন্তর্জাতিক ভ্ৰমণত থকা বাধাৰ বাবেই বিশাল আয়ােজনে সাধাৰণতে সম্পন্ন কৰা ন’বেল বঁটাৰ ভােজমেল এইবাৰাে পিছুওৱা হৈছে বুলি আয়ােজকসকলে কয়।১৯৬৭ত লেবাননত জন্মগ্রহণ কৰা পাৰাপুটিয়ানে তৰুণ কালতে আমেৰিকাৰ লছ এঞ্জেলছলৈ আহে।

তেওঁৰ পিতৃ-মাতৃ আর্মেনিয়াৰ। কেলিফর্ণিয়াত কৰ্মৰত অধ্যাপক পাৰাপুটিয়ানে পূর্বতে ইউনিভাৰছিটি অৱ কেলিফর্ণিয়া আৰু কেলিফর্ণিয়া ইনষ্টিটিউট অৱ টেকনলজিত গৱেষণা কৰিছিল। ছেলুলাৰ মেকানিজিম’ত কৰা উদ্ভাৱনৰ বাবে তেওঁ পূর্বতে কৃতিত্ব লাভ কৰিছে। ইপিনে, ৬৫ বছৰীয়া জুলিয়াছৰ জন্ম নিউয়র্কত। তেওঁ ইউনিভাৰছিটি অৱ কেলিফর্ণিয়াৰ অধ্যাপক। নিউয়ৰ্কৰ কলম্বিয়া ইউনিভাৰছিটিত পূর্বতে তেওঁ অধ্যাপনা কৰিছিল।

Exit mobile version